শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হোৱা এটি বাতৰিক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে বহু লোক ৷চীনৰ কিছু আচৰিত কাৰ্য্যক লৈ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃ্ষ্টি হোৱাৰ সময়তে এই বাতৰিটোৱে নিশচয়কৈ আচৰিত কৰি তুলিছে বহুজনক ৷
জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছএপত প্ৰচাৰিত হৈ থকা এই বাৰ্তাটোত লিখা হৈছে যে চীনৰ টাই লুৱে জনগোষ্ঠীৰ ফা-চিত আৰু অসমীয়াৰ ফুলাম গামোচা খনৰ সাংঘাতিক ধৰণৰ মিল আছে ৷ চীনৰ য়ুনান প্ৰদেশৰ ‘টাই লুৱে’ জনগোষ্ঠীৰ লোক সকলে ঠিক অসমৰ লোকৰ দৰেই দৰেই তাঁতশালত ‘ফা-চিত’ প্ৰস্তুত কৰি উলিয়াই আৰু চীনতো এই ‘ফা-চিত’ সৰুৱে ডাঙৰক, আলহী অতিথিক সন্মান জনাই আৰু প্ৰেমাস্পদক উপহাৰ হিচাপে দিয়াৰ নিয়ম আছে।
বাৰ্তাটোত উল্লেখ কৰা অনুসৰি ‘টাই লুৱে’বা উত্তৰ দিশৰ ডাই সকল চীনৰ য়ুনান প্ৰদেশৰ বাসিন্দা।আনহাতে গুৰুত্বপূৰ্ণ কথা হ’ল যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চ্যাওল্যুং চ্যুকাফাও তাৰ পৰাই আহিছিল অসমলৈ। আনহাতে মন কৰিবলগীয়া কথাটো হ’ল টাই আহোম ভাষাতো গামোচা খনক ‘ফা-চিত’ বুলিয়েই কোৱা হয়।
অৱশ্যে এই বাৰ্তাটোৰ যোগেদি এই প্ৰশ্নও উত্থাপন কৰা হৈছে যে চ্যাওলুং চ্যুকাফাৰ লগতে যদি এই ‘ফা-চিত’ বা গামোচাখন চীন দেশৰ পৰা অসমলৈ অহা বুলি ধৰি লোৱা হয় , তেন্তে চ্যুকাফা অহাৰ আগতে অসমত আজিৰ অসমীয়া গামোচাৰ প্ৰচলন আছিল নে নাই ?সেই বিষয়ে নিশ্চয় গৱেষণাৰ থল আছে বুলিও ভাবিব পাৰি ।
গতিকে এই সন্দৰ্ভত গুণী-জ্ঞানী তথা গৱেষক পণ্ডিত সকলৰ পৰা প্ৰকৃত সত্য জনাৰ ইচ্ছা প্ৰকাশ কৰিছে সচেতন মহলে ।কিয়নো ন কৈ শুনিবলৈ পোৱা এই তথ্যৰ বিষয়ে অধিক জানিবলৈ নিশ্চয় অধিক আগ্ৰহী হৈ পৰিছে সকলো ।
অৱশ্যে ইতিহাসবিদ ড০ লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল ৷ চ্যুকাফাই অসমলৈ গামোচা লৈ অহাৰ ইতিহাস পোৱা নাযায় ৷ আনহাতে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতো গামোচাৰ প্ৰচলন হোৱাৰ কথা জানিব পৰা যায় ৷
এডৱাৰ্ড গেইটৰ ‘আ হিষ্টৰী অৱ আছাম’ (A History Of Assam)গ্ৰন্থত উল্লেখ থকা মতে ১৮শতিকাত এখন গামোচাৰ মূল্য আছিল মাত্ৰ ৫পইচা ৷ ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত অতি প্ৰাচীন কালৰে পৰাই গামোচাৰ প্ৰচলন হৈ আছে ৷