গীনা ৰাইন হাৰ্ট নামৰ এগৰাকী মহিলা যি ‘ৰয়হিল’ নামৰ তেওঁৰ কোম্পানীটোত কৰ্মৰত দহজন কৰ্মচাৰীক বৰদিন উদযাপনৰ প্ৰাকমূহুৰ্তত বোনাছ দিয়াৰ পিছত এতিয়া সংবাদ শীৰ্ষত স্থান লাভ কৰিছে ৷ কিয়নো এই বনাছ কৰ্মচাৰী সকলৰ বাবে কোনো লটাৰীখেল জিকাতকৈ কম নাছিল ৷ কাৰণ সেই দহজন কৰ্মচাৰীৰ প্ৰত্যেকেই ব’নাছ হিচাপে লাভ কৰিছিল গাইপতি ৮০লাখ টকা ৷ ৰাইনহাৰ্টে বৰদিন উদযাপনৰ আগমূহুৰ্তত এখন সভাত নিজৰ ১০গৰাকী কৰ্মচাৰীক এই বোনাছ প্ৰদান কৰে ৷ এই মহানুভৱতাৰ বাবে এতিয়া সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে গীনা ৰাইন হাৰ্ট । এইদৰে কোটিপতি ৰাইনহাৰ্টে তেওঁৰ কোম্পানী ৰয় হিলৰ ১০ জন কৰ্মচাৰীক এটা ষ্ট্ৰ’কতে ধনী কৰি তোলে।
অষ্ট্ৰেলিয়াৰ ৰাইনহাৰ্ট ‘হেনকক প্ৰচপেকটিং’ নামৰ এটা মাইনিং আৰু কৃষিভিত্তিক প্ৰতিষ্ঠানৰ কাৰ্যকৰী অধ্যক্ষ ৷ যাৰ পিতৃয়ে এই প্ৰতিষ্ঠানটো স্থাপন কৰিছিল ৷ তথ্য অনুসৰি ৩৪বিলিয়ন ডলাৰ সম্পত্তিৰ অধিকাৰী তেওঁ অষ্ট্ৰেলিয়াৰ ভিতৰতে সকলোতকৈ সম্পদশালী মহিলা ৷
উল্লেখযোগ্য যে বোনাছ দিয়াৰ আগতে ৰাইনহাৰ্টে নিজৰ কৰ্মচাৰী সকলক এটি গুৰুত্বপূৰ্ণ ঘোষণাৰ বাবে সাজু হৈ থাকিবলৈ কৈছিল কিন্তু ইয়াৰ পিছত তেওঁ কৰ্মচাৰী সকলক ইমান মোটা অংকৰ বোনাছ দিয়া কথাই তেওঁৰ কৰ্মচাৰীসকলক যেন আচৰিত কৰি তুলিলে৷ তেওঁ এখন সভা আহ্বান কৰি কৰ্মচাৰী সকলক জনালে যে তেওঁ এনে ১০টা নাম ঘোষণা কৰিব যি ১লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত প্ৰায় ৮২,০০০০০টকাৰ বোনাছ লাভ কৰিব ৷ আচৰিত কথা যে বোনাছ পোৱা দহজন কৰ্মচাৰীৰ ভিতৰত এজনে মাত্ৰ তিনিমাহ আগতহে কৰ্মচাৰী হিচাপে যোগদান কৰিছিল ৷
জানিবপৰা মতে ৰাইনহাৰ্টৰ কোম্পানীটোৱে বিগত প্ৰায় এবছৰত ব্যৱসায়ত ৩.৩ আৰব ডলাৰ অৰ্থাৎ ১৯০ আৰৱ টকাতকৈও অধিকলাভ কৰিবলৈ সক্ষম হৈছিল ৷ সেইকাৰণেই ৰাইনহাৰ্টে নিজৰ কৰ্মচাৰী সকলক ধন্যবাদ জনাই কয় যে কিয়নো কোম্পানীটোৱে ইমান ভাল প্ৰদৰ্শন কৰিছে কাৰণে অষ্ট্ৰেলিয়াৰো যথেষ্ট লাভ হৈছে ৷