ব্যয় সংকোচনৰ বাবে আগশাৰীৰ প্ৰতিষ্ঠান আমাজনে কর্মচাৰী বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু কর্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ক্ষেত্ৰতো এই বহুজাতিক সংস্থাটোৱে বিপুল পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ’ব । সমগ্ৰ বিশ্বতে ১৮ হাজাৰৰো অধিক কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সমান্তৰালকৈ কোম্পানীটোৰ পকেটৰ পৰা খৰচ হ’ব ৫২০০ কোটি টকা। এই তথ্য আমাজনে নিজেই প্ৰকাশ কৰিছে।
ইতিমধ্যে সমগ্ৰ বিশ্বতে চাকৰিৰ পৰা বৰ্খাস্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। ভাৰতত প্ৰায় ১০০০ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত হ’ব পাৰে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা কর্মচাৰীসকলক সহায় কৰিবলৈ আমাজন কৰ্তৃপক্ষই এককালীন ধন প্ৰদান কৰিব । চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰি এই কথা কয় প্ৰতিষ্ঠানটোৰমুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে।
আমাজনে চাকৰিৰ পৰা বৰ্খাস্ত কৰা সকলো কর্মচাৰীক ৫ মাহৰ দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও চাকৰিৰ পৰা বৰ্খাস্ত কর্মচাৰীক স্বাস্থ্য সুবিধা আৰু অন্যান্য প্ৰয়োজনীয় সুবিধা প্ৰদান কৰা হ’ব। চাকৰিৰ পৰা বৰ্খাস্ত কৰা কর্মচাৰীসকলক সহায় কৰিবলৈ আমাজনৰ ৬৪ কোটি ডলাৰ খৰচ হ’ব। ভাৰতীয় মুদ্ৰাত ইয়াৰ পৰিমাণ ৫২০০ কোটি টকা।
কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ আমাজনে নিজৰ কিছুমান কাৰ্যালয় বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে বুলিও প্ৰকাশ পাইছে। ব্লুমবাৰ্গে প্ৰকাশ কৰা অনুসৰি কোম্পানীটোৱে কেলিফৰ্ণিয়াত এটা খালী কাৰ্যালয় বিক্ৰী কৰিছে। ১৬ মাহ পূৰ্বে ক্ৰয় কৰা হৈছিল কাৰ্যালয়টো।