বিশ্বৰ জনপ্ৰিয় স্মাৰ্টফোন নিৰ্মাতা এপলে অৱশেষত বুধবাৰে শ্বেয়াৰ কৰিলে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত উন্নয়নৰ কাম চলি থকা প্ৰতিষ্ঠানটোৰ প্ৰথমটো খুচুৰা বিক্ৰী কেন্দ্ৰৰ ফটো।
এই পদক্ষেপৰ জৰিয়তে কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পক সমৰ্থন কৰাৰ লগতে গেজেটসমূহৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ বাবে এখোজ আগুৱাই যোৱাৰ লক্ষ্য লৈছে।
কোম্পানীটোৱে জনোৱা মতে, মুম্বাইৰ জিঅ’ ৱৰ্ল্ড ড্ৰাইভ মলত অৱস্থিত মুম্বাইৰ কালি পিলি টেক্সিৰ ভিত্তিত নিৰ্মাণ কৰা এই প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনে গ্ৰাহকে অন্বেষণ কৰিব পৰা এপলৰ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ যোগান ধৰিব ৷
ইয়াৰ বিজ্ঞাপনত এপলৰ পৰম্পৰাগত অভিবাদনত পথচাৰীসকলক “হেল্ল’ মুম্বাই” বুলি কোৱা হৈছে।
কোম্পানীটোৱে ঘোষণা কৰিছে যে এপলৰ এই ভাৰতীয় খুচুৰা বিপণীখন চলিত মাহৰ ভিতৰতে কাৰ্যক্ষম হ’ব। ইয়াৰ উপৰিও কোম্পানীটোৱে ইতিমধ্যে দিল্লীত আন এখন খুচুৰা বিপণী খুলিবলৈ পৰিকল্পনা কৰিছে। এপলৰ চিইঅ’ টিম কুকেও উল্লেখ কৰে যে ভাৰতত বৃদ্ধি পাইছে কোম্পানীটোৰ ব্যৱসায় ।
তেওঁ কয় যে তেওঁলোকে ত্ৰিমাসিক ৰাজহৰ অভিলেখ গঢ়িছিল আৰু বছৰৰ পিছত বছৰ ধৰি অতি শক্তিশালীভাৱে এই সংখ্যা বৃদ্ধি পাইছিল ৷
মন কৰিবলগীয়া যে ২০২২ চনৰ চতুৰ্থ ত্ৰৈমাসিকত এপলে ১৮% বিক্ৰী বৃদ্ধি কৰি ২০ লাখতকৈ অধিক আইফোন বিক্ৰী কৰিছিল। ২০২২ চনত আইফোনৰ বজাৰ অংশীদাৰিত্ব ৫.৫ শতাংশ হ’ব, যিটো পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ১১% বৃদ্ধি হ’ব।