উদ্যোগপতি গৌতম আদানীৰ মালিকানাধীন আদানী গোটে বজাৰত ঋণ পৰিশোধ কৰিবলৈ প্ৰায় ৩ হাজাৰ ৩১৫ কোটি টকা ঋণ ল’ব বিচাৰিছে। আৰু সেই ধন সংগ্ৰহ কৰিবলৈ আদানীয়ে অষ্ট্ৰেলিয়াত থকা তেওঁলোকৰ কয়লাৰ খনিটো বন্ধকত দিবলৈ চিন্তা চর্চা কৰিছে ৷ আগশাৰীৰ সংবাদপত্ৰ ইকনমিক টাইমছৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে ৷
প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়াৰ কয়লা খনিৰ মূল সম্পত্তিৰ ভিত্তিত সেই বিপুল পৰিমাণৰ ঋণ সংগ্ৰহ কৰি বজাৰত ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিছে আদানী গোটে। অৰ্থাৎ বজাৰৰ ঋণ পৰিশোধ কৰিবলৈ আদানীয়ে অধিক ঋণ ল’ব বিচাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, আদানী বিশ্বৰ কেইবাটাও খ্যাতনামা বিনিয়োগ সংস্থাৰ সৈতে সংস্পৰ্শত আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আদানি গ্ৰুপ ট্ৰাষ্টৰ দ্বাৰা নিয়ন্ত্ৰিত নৰ্থ কুইন্সলেণ্ড এক্সপ’ৰ্ট টাৰ্মিনেল (এনকিউএক্সটি)ক এই ধন সংগ্ৰহৰ দায়িত্ব দিয়া হ’ব।
ইতিমধ্যে আদানীয়ে সম্ভাৱ্য ঋণদাতাৰ পৰা অনুকূল বাৰ্তা লাভ কৰিছে। অৱশ্যে ঋণ দিয়াৰ পূৰ্বে বিনিয়োগকাৰীয়ে আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ বিবেচনা কৰিব বিচাৰে বুলি সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰিছে। কয়লা খনিৰ উপৰিও আদানীৰ অষ্ট্ৰেলিয়াত আন কেইবাটাও সম্পত্তি আছে।
জানুৱাৰী মাহৰ শেষৰ ফালে এক প্ৰতিবেদন প্ৰকাশ কৰি আমেৰিকাৰ সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছে যে বিগত দশক ধৰি আদানীয়ে নিজৰ শ্বেয়াৰৰ মূল্যত হেতালি খেলি আহিছে। কোম্পানীটোৱে আদানী গোটটোক আৰ্থিক জালিয়াতিৰ অভিযোগো উত্থাপন কৰিছে। তেতিয়াৰ পৰাই আদানী গোটৰ মালিকানাধীন বিভিন্ন কোম্পানীৰ পতন ঘটিছে। ইতিমধ্যে আদানীয়ে মুঠ সম্পত্তিৰ আধা হেৰুৱাইছে। ইফালে তেওঁলোকৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ বজাৰত কেইবাটাও ঋণ পৰিশোধ কৰাৰ পিছত আদানীৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ কিছু পৰিমানে ভাল দিশলৈ ঘূৰি আহিছে ৷বাকী ধন শীঘ্ৰে ঘূৰাই দিয়া হ’ব বুলি গ্ৰুপটোৱে ঘোষণা কৰে। সেয়েহে বিশেষজ্ঞসকলৰ মতে আদানীয়ে বজাৰৰ নিজৰ স্থান পুনৰ ঘূৰাই আনিব বিচাৰে। আৰু সেইবাবেই আদানি গ্ৰুপে অষ্ট্ৰেলিয়াৰ খনি বন্ধকত ৰাখি ধন ঋণ লোৱাৰ সিদ্ধান্ত লৈছিল।