গুগলে ভাৰতত অনুষ্ঠিত হোৱা গুগল ফৰ ইণ্ডিয়া ২০২২ৰ সৰ্ববৃহৎ অনুষ্ঠানত কেইবাটাও নতুন ফিচাৰ আৰু প্ৰডাক্টৰ বিষয়ে ঘোষণা কৰে। গুগলে কয় যে কোম্পানীটোৱে অতি শীঘ্ৰেই এটা নতুন ফিচাৰ মুকলি কৰিবলৈ ওলাইছে, যাৰ সহায়ত এইবাৰ স্মাৰ্টফোনৰ যোগেদি চিকিৎসকৰ বেয়া হাতৰ আখৰো পঢ়িব পৰা যাব।
কোম্পানীটোৱে জনোৱা মতে, চিকিৎসকৰ হাতৰ আখৰ ডিকোড কৰিব পৰাকৈ নতুন প্ৰযুক্তিৰ কাম কৰি আছে আৰু ইয়াক অতি সোনকালেই মুকলি কৰা হ’ব। আচলতে কোম্পানীটোৱে গুগল লেন্সৰ সহায়ত ডাক্তৰৰ বেয়া হাতৰ আখৰ ডিকোড কৰিবলৈ ওলাইছে। অৰ্থাৎ ডাক্তৰে লিখা প্ৰেছক্ৰিপচনৰ ফটো এখনহে স্মাৰ্টফোনৰ পৰা ল’ব লাগিব বা স্কেন কৰিব লাগিব যাক গুগল লেন্সে ব্যৱহাৰকাৰীৰ সন্মুখত স্পষ্টকৈ দেখুৱাব। কেৱল এয়াই নহয় সেয়া শ্বেয়াৰ কৰিবও পাৰিব ব্যৱহাৰকাৰীসকলে। কিন্তু এতিয়ালৈকে কোম্পানীয়ে এই সুবিধা কেতিয়া মুকলি কৰা হ’ব তাৰ কোনো তথ্য দিয়া নাই। গুগলে লগতে কয় যে গুগল লেন্সৰ ব্যৱহাৰকাৰীৰ ভিতৰত ভাৰতীয় ব্যৱহাৰকাৰী সৰ্বাধিক।
উল্লেখযোগ্য যে গুগলৰ এই নতুন বৈশিষ্ট্যই কেৱল গুগল ট্ৰেন্সলেট ফিচাৰৰ অধীনত কাম কৰিব য’ত গুগল লেন্সৰ সহায়ত যিকোনো শব্দ স্কেন কৰি আন ভাষালৈ অনুবাদ কৰিব পৰা যাব। অৰ্থাৎ আপোনাৰ ফোনটোৰ কেমেৰাৰ সহায়তো শব্দ অনুদিত হ’ব। গুগলে ব্যৱহাৰকাৰীক লাইভ ট্ৰেন্সলেটৰ বিকল্পও প্ৰদান কৰিব। সহজ ভাষাত ক’বলৈ গ’লে ডাক্তৰৰ প্ৰেছক্ৰিপচন পঢ়িবলৈ হ’লে স্মাৰ্টফোনত গুগল লেন্স খুলিব লাগিব আৰু কেমেৰাৰ সহায়ত প্ৰেছক্ৰিপচন সহজে পঢ়িব পাৰিব। গুগলে কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্নিঙৰ সহায়ত এ.আই/এম.এল ( AI/ML) মডেল নিৰ্মাণৰ পৰিকল্পনা কৰিছে। যাৰ বাবে কোম্পানীটোৱে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ সৈতেও অংশীদাৰিত্ব কৰিছে। এই প্ৰকল্পটোৰ নাম দিয়া হৈছে ‘প্ৰকল্প বাণী’। এই প্ৰকল্পৰ অধীনত ভাৰতৰ বিভিন্ন আঞ্চলিক ভাষাসমূহ সংগ্ৰহ কৰি লিপিবদ্ধ কৰা হ’ব। ইয়াৰ বাবে কোম্পানীটোৱে ভাৰতৰ ৭৭৩খন জিলাৰ ভাষাৰ নমুনা সংৰক্ষণ কৰিব। এই ‘প্ৰকল্প বাণী’ৰ সহায়ত ভাৰতত গুগলৰ ভইচ কমাণ্ড উন্নত কৰাৰ লগতে ভাষা অনুবাদ কৰাও সহজ হৈ পৰিব ।