VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক’ত হেৰাই গ’ল ?

স্মৃতি হৈ ৰ'ব নেকি গ্ৰিটিংছ কাৰ্ড খন

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
December 24, 2022
in অভিমত
নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন ক’ত হেৰাই গ’ল ?
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

ক’ত হেৰাই থাকিল নৱবৰ্ষৰ শুভেচ্ছা পত্ৰখন। সময় আগবাঢ়ি যোৱাৰ লগে লগে বহুত পৰিৱৰ্তন আহিল। কিছুমান পৰিৱৰ্তনে আমাক আনন্দ দিয়াৰ দৰে বহুতো নতুন কথা জানিবলৈ সুযোগ দিলে । কিন্তু তাৰ মাজতে আমাৰ মাজৰ পৰা বহুত বস্তু হেৰাই গ’ল অতি সংগোপনে।

ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই মানুহে নতুন বছৰত এজনে আনজনক নৱবৰ্ষ সুন্দৰ আৰু সুখ-সমৃদ্ধিৰ বছৰ হোৱাৰ কামনাৰে প্ৰীতি শুভেচ্ছা জঁনাই শুভেচ্ছা পত্ৰ আদান-প্ৰদান কৰি আহিছে। এখন গ্ৰিটিংছ কাৰ্ডত থকা এগৰাকী ব্যক্তিৰ আবেগ জড়িত ভাষা , আপোনত্বৰ ভাৱেৰে আৰু মিঠা মিঠা মৰমসনা শব্দৰে কাৰ্ড খন পোৱাৰ পিছত যি অনুভূতিৰ সৃষ্টি হৈছিল সেৱা সঁচাকৈয়ে বৰ্ণনাতীত। ইতিহাসৰ তথ্য অনুসৰি প্ৰথমতে চীনা সকলে নৱবৰ্ষৰ শুভেচ্ছা পত্ৰ আদান-প্ৰদান কৰিছিল আৰু ইজিপছিয়ান সকলেও এনে ধৰণৰ পত্ৰ আদান-প্ৰদান কৰিছিল বুলি জানিব পৰা যায়।

বৰ্তমান সময়ত আবেগ -অনুভূতিৰে জড়িত মৰমৰ নীলা খামৰ চিঠি খন ইতিহাস হৈ যোৱাৰ দৰে নৱবৰ্ষৰ শুভেচ্ছাৰে লিখা শব্দ -ভাষাবোৰো যেন বিলোপ হ’বলৈ ধৰিছে আজিৰ দিনত। পুৰণি বছৰক বিদায় আৰু নতুন বছৰক আদৰি লোৱাৰ মূহুৰ্তত বন্ধু-বান্ধৱী , আত্মীয় বা আপোনজনৰ বাবে যি গ্ৰিটিংছ কাৰ্ড বা নৱবৰ্ষৰ শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰা হয় তাত এক সুকীয়া মাদকতা থাকে।

তাহানিৰ ডিচেম্বৰ মাহটো যেন আনন্দৰ মাহ , সুন্দৰৰ সন্ধানৰ মাহ। বছৰেকীয়া পৰীক্ষাৰ অন্ত’ত ফলাফল ওলোৱাৰ পিছত নতুন শ্ৰেণীত পঢ়াৰ হাবিয়াসে যেনেকৈ মনবোৰ আনন্দিত কৰে ঠিক তেনেকৈ ঘৰৰ জেষ্ঠ্য বোৰেও যেন খেতি-বাতি সামৰি মুক্তমনে আনন্দ উপভোগ কৰাৰ সুবিধা পায়। গধূলি জুহালৰ কাষত বহি হোৱা আলোচনা বোৰে বহু কথাই সামৰি লোৱাৰ লগতে পঢ়া-শুনা নথকা বাবে সৰু বোৰেও সমানে সমানে এই আড্ডাৰ সোৱাদ ল’বলৈ সুবিধা পাইছিল। মাঘৰ বিহু পদুলি মুখত , গতিকে বিহুৰ কথা বিশেষকৈ উৰুকাৰ ভেলা ঘৰৰ কথাই বেছিকৈ প্ৰাধান্য পাইছিল এই গধূলিৰ আড্ডাত। সেই আড্ডাবোৰত সাঁথৰ এজনে আনজনক সুধি আনন্দ উপভোগ কৰাৰ লগতে জনা-নজনাকৈ জ্ঞানৰ পৰিধিও যে বৃদ্ধি পাইছিল সেৱা মানি ল’বই লাগিব আৰু তাৰ লগতে কৌতুক (গাজা) আদিৰ যোগেদি মনবোৰ ৰসাল হোৱাৰ লগতে মানসিক তৃপ্তিও লাভ কৰিছিল এই আড্ডা বোৰৰ জৰিয়তে।

পুৰণিক বিদায় দি নতুন বছৰ আদৰি লোৱাৰ সময় সমাগত। তাহানিৰ দিনবোৰত আজিৰ দৰে দোকানৰ পৰা বা স্কুলৰ পৰা বহী অনা নহৈছিল। ঘৰৰ অভিভাৱকে দিস্তা কাগজৰ ৰীম সৈতে আনি দিছিল আৰু সেই দিস্তা কাগজ বোৰ জাপি জাপি বহী চিলাই কৰি লোৱাৰ নিয়ম আছিল। গতিকে ডিচেম্বৰ মাহটোত নতুন শ্ৰেণীত পঢ়াৰ আনন্দৰ মাজতে দায়িত্বও বহুত আছিল। বহী চিলাই কৰাৰ লগতে জিল লগোৱা , লেবেল লগোৱা আদি কামবোৰ সুচাৰুৰূপে কৰি নতুন দিনলৈ আগ্ৰহেৰে ৰৈ থকাৰ মাদকতাৰ লগতে নতুন বছৰত শুভেচ্ছা পত্ৰৰ বাবে বনোৱা হৈছিল গ্ৰিটিংছ কাৰ্ড । বন্ধু-বান্ধৱী , আত্মীয় , দূৰত থকা ককাইদেউ -বাইদেউ আদি আপোন জনক নৱবৰ্ষৰ শুভেচ্ছা জঁনাবলৈ কিছুমান কাৰ্ড দোকানৰ পৰা অনা হৈছিল যদিও কিছুমান নিজেই বনোৱা হৈছিল। কাৰ্ড বনাই তাতে ৰং তুলিকাৰে ফুল বা প্ৰকৃতিৰ মনোমহা ছৱি অংকণ কৰি অন্তৰৰ শব্দৰে মধুৰ ভাষাৰে লিখি শুভেচ্ছা জঁনোৱা গ্ৰিটিংছ কাৰ্ড বোৰ সকলোৰে মনত গভীৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনৰ আনন্দ বোৰো সলনি হ’বলৈ ধৰিলে। আজিকালি সকলোৰে হাতে হাতে ম’বাইল ফোন। একেটা মেছেজকে সকলোলৈকে প্ৰেৰণ কৰি নৱবৰ্ষৰ শুভেচ্ছা জঁনোৱা হয় ঠিকেই কিন্তু সেই মেছেজবোৰত কোনো আন্তৰিকতা ফুটি নোলায় । এয়া যেন এক দায়িত্ব সামৰাৰ লেখিয়াহে। কেইদিনমান আগৰে পৰা গ্ৰিটিংছ কাৰ্ড ৰেডি কৰি , নাম ঠিকনা লেখি যিখন শুভেচ্ছা পত্ৰ পঠিওৱা হৈছিল সেইখনৰ লগত এক মিনিটতে একেটা মেছেজকে হাজাৰ জনলৈ প্ৰেৰণ কৰা শুভেচ্ছা বাৰ্তাৰ জানো তুলনা কৰিব পাৰি। ডাক যোগেদিয়েই হওঁক বা নিজ হাতেৰেই হওঁক আপোন জনৰ পৰা লাভ কৰা শুভেচ্ছা পত্ৰ খনে মনত যি আনন্দ অনুভূতিৰ সৃষ্টি কৰিছিল বৰ্তমানৰ ফেছবুকত বা হোৱাটছএপত দিয়া শুভেচ্ছা বাণীত সেই আনন্দ-অনুভূতি বিচাৰি পোৱা নাযায়। সময়ৰ লগে লগে চিন্তাধাৰাৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক কিন্তু এই পৰিৱৰ্তনবোৰে মানসিকতাৰ হে সলনি কৰিছে, মৰম, অনুভৱ , অনুভূতি আদিক বিনাশ কৰিব পৰা নাই। সাধাৰণ দৃষ্টি ভংগীৰে চালে এয়া যদিও আকৰ্ষণীয় যেন লাগে আচলতে ইয়াত প্ৰকৃত ছৱি খন প্ৰকাশ নাপায়। এজন ব্যক্তিলৈ দিয়া এখন পত্ৰ বা মেছেজ যেতিয়া এশ জনলৈ প্ৰেৰণ কৰা হয় তেতিয়া তাত থকা মৰম -ভালপোৱা বোৰ এশ জনলৈ ভাগ কৰা হয়। সেই বাবেই এই ধৰণৰ বাৰ্তা বোৰত কোনো মাদকতা বিচাৰি পোৱা নাযায়।

মানুহ সময়ৰ অধীন। গতিকে সময়ৰ পৰিৱৰ্তনক মানি ল’বই লাগিব বা সময়ৰ লগত হাতে হাত ধৰি আগবাঢ়িবই লাগিব। তথাপিও যদি আমি অলপ সময় খৰচ কৰি এইবোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰোঁ নিশ্চয় এই ভাল লগা অনুভৱ বোৰ জীয়াই থাকিব আৰু নতুন প্ৰজন্মও ইয়াৰ সুন্দৰতাক উপলদ্ধি কৰিব পাৰিব।

শুভেচ্ছা পত্ৰখনৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰি। এক কথাত কবলৈ গ’লে তুলনাবিহীন। গোটেই বছৰটোৰ বাবে শুভেচ্ছা জনাই পঠিওৱা পত্ৰখন অতি আদৰৰ অতি হেপাহৰ। এইপত্ৰখনে লৈ আহে আশাৰ বতৰা। আপোন জনেও কামনা কৰে গোটেই বছৰটো সুন্দৰ ভাৱে আগবঢ়াই লৈ যাব এই আশাৰ বতৰা কঢ়িয়াই অনা পত্ৰ খনে আৰু সাঁচি ৰাখে অতি সযঁতনে। এই পত্ৰখনেই হয়তো হ’ব পাৰে কাৰোবাৰ বাবে প্ৰেৰণা আৰু এই প্ৰেৰণাই জীৱনত আগবাঢ়ি যোৱাত সহায়ক হ’ব পাৰে।

বৰ্তমান সময়ত ম’বাইল আমাৰ অতিকৈ প্ৰয়োজনীয় সামগ্ৰী আৰু ম’বাইলৰ অবিহনে আমি এখোজো আগবাঢ়িব নোঁৱাৰো । ম’বাইলৰ ব্যৱহাৰ কৰিও অলপ সময় উলিয়াই আমিও গ্ৰিটিংছ কাৰ্ডেৰে নৱবৰ্ষৰ শুভেচ্ছা জনাব নোঁৱাৰোনে প্ৰতিজন বন্ধু-বান্ধৱী আৰু আপোনজনক।

Previous Post

অতি শীঘ্ৰেই মুকলি কৰা হ’ব গুগলৰ কেইবাটাও নতুন সুবিধা

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?
অভিমত

চৰকাৰে কাৰিকৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ–ছাত্ৰীৰ ভবিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি ?

January 27, 2023
মাকৰ ঘৰখন নাৰীৰ আন এক স্বাভিমান
অভিমত

মাকৰ ঘৰখন নাৰীৰ আন এক স্বাভিমান

January 3, 2023
প্ৰকৃতিৰ অনুপম সৃষ্টি ‘ৰাণী খামাৰ’
অভিমত

প্ৰকৃতিৰ অনুপম সৃষ্টি ‘ৰাণী খামাৰ’

December 17, 2022
অসমীয়া সংস্কৃতিৰ ঐতিহ্য ‘পীৰা’
অভিমত

অসমীয়া সংস্কৃতিৰ ঐতিহ্য ‘পীৰা’

December 8, 2022
আঘোণৰ চোতালে আমনি কৰেনে ?
অভিমত

আঘোণৰ চোতালে আমনি কৰেনে ?

November 30, 2022
মহাভাৰতৰ সাৰঙ্গ পক্ষীৰ কাহিনী
অভিমত

মহাভাৰতৰ সাৰঙ্গ পক্ষীৰ কাহিনী

November 27, 2022
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7