শেহতীয়াকৈ ভাৰতত নিজৰ ব্যৱসায় আৰম্ভ কৰিছে ফৰাচী ডিজাইনৰ কাপোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা পোছাক উদ্যোগ ‘গ্ৰেলঙে’ ।ভাৰতত উন্নত মানৰ কাপোৰ বিচাৰি ঘূৰি ফুৰাৰ পিছত ভাৰতৰ আঞ্চলিক শিপিনী আৰু কাপোৰ নিৰ্মাতাসকলৰ দুখ-দুৰ্দশাই আপ্লুত কৰিছিল তেওঁলোকক ৷ সেয়েহে নীতিকা আৰু বসুধাই যৌথ ভাৱে ল’লে এই পদক্ষেপ । ।
ফৰাচী ফেশ্বনৰ ইতিহাসত ৰিচাৰ্ড পেডলাৰ , গ্ৰেলঙৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা । ১৮৭২ চনত প্ৰতিষ্ঠা হোৱা এই ব্ৰেণ্ডটোৱে একচেটিয়াভাৱে পুৰুষৰ প’ল’ চাৰ্ট নিৰ্মাণ কৰে আৰু সেই সময়ৰ ফৰাচী ৰাজপৰিয়ালৰ সৈতেও যাৰ সম্পৰ্ক আছিল ।
এ.এন.আইৰ এক প্ৰতিবেদন অনুসৰি এই ‘গ্ৰেলং’ ব্ৰেণ্ডটোৱে নৈতিক পদ্ধতি আৰু পৰিৱেশৰ বহনক্ষমতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। এই কথা কেৱল তেওঁলোকে ব্যৱহাৰ কৰা কাপোৰৰ ক্ষেত্ৰতে প্ৰযোজ্য নহয় ৷ উৎপাদন আৰু খুচুৰা বিক্ৰী প্ৰক্ৰিয়াৰ সকলো অংশৰ ক্ষেত্ৰতো প্ৰযোজ্য। আনহাতে প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপকসকলে উল্লেখ কৰিছে যে তেওঁলোকে আঞ্চলিক বজাৰ আৰু শিপিনীসকলক নতুন ব্যৱসায়িক সুযোগ দিয়াৰো পৰিকল্পনা কৰিছে। তেওঁলোকে আশা কৰে যে ইয়াৰ ফলত দীৰ্ঘম্যাদীভাৱে স্থানীয় অৰ্থনীতি উন্নীত হ’ব আৰু তেওঁলোকে স্বনামধন্য ব্ৰেণ্ডৰ সমৰ্থনত বিশ্ব বজাৰলৈ খোজ প্ৰসাৰিত কৰিবলৈ সমৰ্থ হ’ব ।
আৰম্ভণিতে ব্ৰেণ্ডটোৱে একান্তভাৱে টি-চাৰ্ট তৈয়াৰ কৰিছিল যদিও এতিয়া উৎপাদন অধিক সম্প্ৰসাৰণ কৰিছে। নতুনকৈ তেওঁলোকে হুডি, জেকেট, চাৰ্ট, পেণ্ট, আৰু অন্যান্য পোছাক যোগ কৰাৰ পৰিকল্পনা কৰিছে।
উল্লেখনীয় যে ব্ৰেণ্ডটোৱে উৎপাদিত প্ৰতিটো ইউনিট হাতেৰে নিৰ্মিত হোৱাটো নিশ্চিত কৰি নিজৰ সামগ্ৰীৰ উচ্চতম মানদণ্ড নিশ্চিত কৰাৰ লগতে খুচুৰা বিক্ৰীৰ বাবে সামগ্ৰী প্ৰেৰণ কৰাৰ আগতেও ধাৰাবাহিকভাৱে ইয়াৰ গুণগত মানৰ পৰীক্ষা কৰে ।