ভাৰতৰ প্ৰথমখন উলম্ব লিফ্টৰ ৰে’লৱে সাগৰীয় দলঙৰ কাম প্ৰায় ৮৪% সম্পূৰ্ণ হৈছেগৈ ৷ জানিবপৰা মতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত দলংখন সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা
ভাৰতীয় ৰে’লৱেয়ে সময়ে সময়ে ৰে’ল পথ সমূহৰ নিৰ্মাণ কৰি দেশখনৰ বিভিন্ন দুৰ্গম অঞ্চলসমূহৰ সৈতে সংযোগ বৃদ্ধিৰ কাম কৰি আহিছে। শেহতীয়াকৈ কাশ্মীৰৰ বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখনৰ কাম সম্পূর্ণ কৰি সংস্থাটোৰ দ্বাৰা এতিয়া আন এক প্রকল্পৰ কাম সম্পূর্ণ হোৱাৰ প্ৰায় উপক্রম হৈছে ৷ ভাৰতীয় ৰে’লৱেয়ে বিশেষভাৱে নিৰ্মাণ কৰা তামিলনাডুৰ ৰামেশ্বৰম আৰু ধনুষকোড়ী ৰে’ল সংযোগী পাম্বন দলঙৰ প্ৰায় ৮৪ শতাংশ কাম সম্পূৰ্ণ কৰিছে।
উল্লেখনীয় যে এইখন হ’ব ভাৰতৰ প্ৰথমখন উলম্ব লিফ্ট ৰে’ল দলং। এই দলংখন সম্পূৰ্ণ হোৱাৰ পিছত পথটোত গতি আৰু পৰিমাণ বৃদ্ধিৰ লগে লগে ৰে’লৱেয়ে আৰু অধিক ওজন কঢ়িয়াবলৈ সুবিধা কৰি দিব। ইয়াৰ উপৰিও ওখ হোৱাৰ বাবে এই দলংখনেৰে জাহাজ আৰু ষ্ট্ৰীমাৰো পাৰ হ’ব পাৰিব।
আজি কিছুদিন পূৰ্বে টুইটাৰত এই সন্দৰ্ভত এক আপডেট দি ৰে’ল মন্ত্ৰালয়ে জনাইছিল যে ভাৰতৰ ১ম উলম্ব লিফ্ট ৰে’লৱে সাগৰীয় দলং হ’ল ভাৰতৰ মূল ভূখণ্ডক ৰামেশ্বৰম দ্বীপৰ সৈতে সংযোগ কৰা পাম্বন দলং ৷ আপডেটসমূহ যোগ কৰাৰ সময়ত মন্ত্ৰালয়ে কৈছিল যে ইয়াৰ ৮১ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ ৷ অৱশ্যে দলংখনৰ নিৰ্মাণ কেতিয়া সমাপ্ত হ’ব তাৰ নিৰ্দিষ্ট সময়সূচী নিৰ্ধাৰণ কৰা হোৱা নাছিল ।অৱশ্যে বৰ্তমান সময়ত ইয়াৰ প্ৰায় ৮৪% কাম সমাপ্ত হৈছে ৷
এই দলংখনৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ২৫০ কোটি টকা। ২ কিলোমিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ দলংখনৰ ৬৩ মিটাৰ দৈৰ্ঘ্যৰ এটা অংশ ডেকৰ সমান্তৰাল হৈ থকাৰ সময়তে ওপৰলৈ উঠি যাব যাতে জাহাজসমূহৰ প্ৰৱেশৰ সুবিধা হয়। এই দলংখনৰ দৈৰ্ঘ্য ৬,৭৭৬ ফুট (২০৬৫ মিটাৰ) আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ১২.৫ মিটাৰ। উল্লেখনীয় যে পৰিকল্পিত অটোম’বাইল নিৰ্মাণৰ বাবেই দুখন জাহাজে একেলগে এই দলংখন পাৰ হ’ব পাৰিব।
ভাৰতীয় ৰে’লৱেই বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি নিউ পাম্বন দলঙৰ কাম প্ৰায় ৮৪ শতাংশ সম্পূৰ্ণ হৈছে।ৰে’লৱেয়ে জনোৱা মতে, দলংখনৰ ট্ৰেক স্থাপনৰ কাম চলি আছে আৰু উলম্ব লিফ্ট স্পেন গাৰ্ডাৰৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।