উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম (নেৰামেক)ৰ পৰিচালন সঞ্চালক কমোডৰ ৰাজীৱ অশোকে (অৱসৰপ্ৰাপ্ত) আজি নিগমৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী গুৱাহাটীৰ ৰাজগড় ৰোডত মুকলি কৰে।
উত্তৰ-পূর্বাঞ্চলৰ উদ্যোগীসকলে সংসাধন কৰা সামগ্ৰীৰ প্ৰচাৰৰ বাবে নেৰামেকে গ্ৰহণ কৰা এয়া আন এক প্ৰচেষ্টা। এই পদক্ষেপৰ জৰিয়তে নেৰামেকৰ সৈতে সংযুক্ত হ’বলৈ অধিক লোক আকর্ষিত হ’ব বুলি আশা কৰা হৈছে।এই নতুন বিপণীখনৰ নাম দিয়া হৈছে অর্গেনিক লোকেলছ (ORGANIC LOCALS) ৷ নেৰামেকে বিপনন কৰা উত্তৰ-পূর্বাঞ্চলৰ জৈৱিক আৰু প্ৰাকৃতিকভাৱে উৎপাদিত উদ্যান শস্য আৰু কৃষিজাত সামগ্ৰী এই বিপণীখনত উপলব্ধ হ’ব ৷
এই বিপণীখন মুকলি কৰাটো হৈছে সংগঠিত খুচুৰা বজাৰখনত নেৰামকৰ আন এক সৰু খোজ । এই বিপণীত উপলব্ধ হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে-হালধি গুড়ি, গ্ৰীণ আৰু ব্লেক টী, বিভিন্ন থলুৱা আচাৰ, থলুৱা ফলৰ জাম, বিভিন্ন ধৰণৰ শুকান বনৌষধি, ঔষধি গুণযুক্ত শুকান পাত/ গুড়ি, ৰস, শুকান ফল ইত্যাদি।
বিপণীখন মুকলি অনুষ্ঠানত নেৰামেকৰ বিপণন এজিএম শ্ৰীযুত সঞ্জীৱ দাস, অর্গেনিক লোকেলছৰ স্বত্বাধিকাৰী শ্ৰীযুত হৃষিকেশ তালুকদাৰ,বিপণন বিশেষজ্ঞ শ্ৰীযুত শশাংক তালুকদাৰৰ লগতে বহুসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ৷