আয়কৰ বিভাগে আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে সংযোগ কৰাৰ নিৰ্দেশ দিছে। ভাৰতীয় নাগৰিকৰ সুবিধাৰ্থে এই দুখন পৰিচয় পত্ৰ সংযোগৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি পেন আৰু আধাৰ সংযোগৰ অন্তিম তাৰিখ আছিল ৩১ মাৰ্চ। বৰ্তমান এই সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে। কেৱল এয়াই নহয়, কম্পিউটাৰ আৰু টেবলেটৰ লগতে স্মাৰ্টফোনৰ পৰাও পেন আৰু আধাৰ কাৰ্ডৰ দ্ৰুত লিংকিং কৰিব পাৰিব।
অৱশ্যে স্মার্টফোনৰ পৰা এই কাম কৰাটো বিনামূলীয়া নহয়। ফোনৰ পৰা সংযোগ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনলাইনযোগে ১০০০ টকা ভৰিব লাগিব ৷ কিন্তু সময়মতে পৰিচয় পত্ৰ দুখন সংলগ্ন নকৰিলে ৩০ জুনৰ পাছত পেন কাৰ্ড বাতিল হ’ব পাৰে।
স্মাৰ্টফোনৰ পৰা সংযোগ কৰিবলৈ হ’লে আপোনাৰ ফোনত ইণ্টাৰনেট সংযোগ থকাটো বাধ্যতামূলক। ইয়াৰ পিছত ইনকাম টেক্স ই-ফাইলিং পৰ্টেলত পেন নম্বৰৰ সৈতে নিজা একাউণ্ট তৈয়াৰ কৰক। যদি আপোনাৰ ইতিমধ্যে পৰ্টেলত এটা একাউণ্ট আছে, আপোনাৰ ব্যৱহাৰকাৰী আইডি আৰু পাছৱার্ডৰ সৈতে সেই একাউণ্টত লগ ইন কৰক।
একাউণ্টত প্ৰৱেশ কৰাৰ পিছত স্মাৰ্টফোনৰ পৰ্দাত এটা বাৰ্তা ওলাব। ইয়াত লিখা থাকিব, ‘পেন আৰু আধাৰ লিংক কৰক।’ যদি এই লিখনী আপোনাৰ মোবাইলৰ স্ক্ৰীণত দেখা নাযায়, তেন্তে আন উপায়ো আছে। ‘Prপ্ৰফাইল ছেটিংছলৈ গৈ লিংক আধাৰ অপচনত ক্লিক কৰক। ইয়াৰ পিছত আধাৰ কাৰ্ড অনলাইনত ১০০০ টকা দি পেন কার্ডৰ সৈতে লিংক কৰিব পাৰিব।