ৰোশনি নাদাৰ আটাইতকৈ ধনী ভাৰতীয় মহিলা হিচাপে বিবেচিত হৈছে ৷ আনহাতে নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ধনী মহিলাসকলৰ ভিতৰত নাইকাৰ নায়াৰ বৰ্তমান শীৰ্ষ স্থানত আছে ৷
এইচচিএল টেকন’লজীৰ অধ্যক্ষ ৰোশনি নাদাৰ মালহোত্ৰা ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে সকলোৰে শীৰ্ষত আছে ৷ এইচচিএল টেকন’লজীৰ অধ্যক্ষ ৰোশনি নাদাৰ মালহোত্ৰাৰ ২০২১ চনত মুঠ সম্পত্তি ৫৪ শতাংশ বৃদ্ধি হৈ ৮৪,৩৩০ কোটিলৈ বৃদ্ধি পাইছে।
বুধবাৰে প্ৰকাশিত কোটাক প্ৰাইভেট বেঙ্কিং-হুৰুণ তালিকা অনুসৰি প্ৰায় এক দশক আগতে সৌন্দৰ্য-কেন্দ্ৰীভূত ব্ৰেণ্ড নাইকা আৰম্ভ কৰিবলৈ বিনিয়োগ বেঙ্কিং কেৰিয়াৰ ত্যাগ কৰা ফাল্গুনী নায়াৰে ৫৭,৫২০ কোটি টকাৰ মুঠ আয়েৰে আটাইতকৈ নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে।
প্ৰতিবেদনঅনুসৰি, সামগ্ৰিকভাৱে দ্বিতীয় ধনী মহিলা ৫৯ বছৰীয়া নায়াৰ এইচচিএল টেকন’লজিছৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ কন্যা ৪০ বছৰীয়া মালহোত্ৰাতকৈ কিছু পিছ পৰি আছে ।
‘বায়োকণ’ৰ কিৰণ মজুমদাৰ ২৯,০৩০ কোটি টকাৰ সম্পদৰ সৈতে দেশৰ তৃতীয় ধনী মহিলাৰ স্থানত আছে।
১০০ গৰাকী মহিলাৰ তালিকাখনত কেৱল ভাৰতত জন্ম বা ডাঙৰ-দীঘল হোৱা ভাৰতীয় মহিলাসকলক অন্তৰ্ভূক্ত কৰা হৈছে আৰু যিসকলে সক্ৰিয়ভাৱে তেওঁলোকৰ ব্যৱসায় পৰিচালনা কৰি আছে বা নিজে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।
এই ১০০ গৰাকী মহিলাৰ সামগ্ৰিক সম্পদ এবছৰত ৫৩ শতাংশ বৃদ্ধি হৈ ২০২০ চনৰ ২.৭২ লাখ কোটি টকাৰ পৰা ২০২১ চনত ৪.১৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে আৰু তেওঁলোকে এতিয়া ভাৰতৰ নামমাত্ৰ জিডিপিৰ ২ শতাংশ অৰিহণা যোগাইছে।
উল্লেখযোগ্য যে তালিকাত নাম অন্তৰ্ভুক্ত হোৱা সৰ্বাধিক সংখ্যক মহিলা হৈছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, মুম্বাই আৰু হায়দৰাবাদ অঞ্চলৰ ৷ দিল্লীৰ ২৫ গৰাকী, মুম্বাইৰ ২১ গৰাকী আৰু হায়দৰাবাদ ৰ ১২ গৰাকী মহিলাই এই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
এই তালিকাখনত স্থান লাভ কৰা ভূপালস্থিত জেটছেটগোৰ কণিকা তেক্ৰিৱাল (৩৩বছৰ) হৈছে ৪২০ কোটি টকাত ৫০ শতাংশ সম্পদ বৃদ্ধি কৰিবলৈ সক্ষম হোৱা আটাইতকৈ কম বয়সীয়া মহিলা ।