ছেনছ’ডাইন টুথপেষ্টৰ বিজ্ঞাপনে উপভোক্তাক বিপথে পৰিচালিত কৰাৰ অভিযোগত প্ৰতিষ্ঠানটোক দহলাখ টকাৰ জৰিমনা বিহিছে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা অথৰিটীয়ে ৷লগতে প্ৰতিষ্ঠানটোৰ সকলো ধৰণৰ সামগ্ৰীৰ বিজ্ঞাপনৰ প্ৰচাৰ সাত দিনৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে চি চি পি এয়ে ৷ছেনছ’ডাইনে বিদেশত অধ্যয়নৰত শিক্ষাৰ্থীক সামৰি টেলিভিছন,ইউটিউব,ফেইচবুক আৰু টুইটাৰকে ধৰি বিভিন্ন মাধ্যমত ইয়াৰ সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে ৷ য’ত ছেনছ’ডাইনক বিশ্বৰ ভিতৰতে প্ৰথম ছেনছিটিভিটি আৰু চিকিৎসাগতভাৱে প্ৰমাণিত টুথপেষ্ট হিচাপে দাবী কৰি আহিছে যিয়ে ব্যৱহাৰকাৰীক ৬০ ছেকেণ্ডৰ ভিতৰতে সকাহ প্ৰদান কৰে বুলি বিজ্ঞাপন যোগে প্ৰচাৰ কৰা হৈ আহিছে ৷এনে বিজ্ঞাপনে উপভোক্তাক বিপথে পৰিচালিত কৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰি সাত দিনৰ ভিতৰত এনে বিজ্ঞাপনী প্ৰচাৰ বন্ধ কৰি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে চি চি পি এই ৷
উল্লেখ্য যে চলিত বৰ্ষৰ ৯ফেব্ৰুৱাৰীতো প্ৰতিষ্ঠানটোৰ এই বিজ্ঞাপনী প্ৰচাৰ শীঘ্ৰে বন্ধ কৰাৰ নিৰ্দেশ দিছিল চিচিপিএয়ে ৷