মধ্যাহ্ন ভোজনৰ সময়ত উতলা দাইলৰ কেৰাহীত পৰিল এটি কণমানি ছাত্ৰ যি ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীৰ এখন বিদ্যালয়ত ৷ দুৰ্ঘটনাটোৰ পিছতেই আহত ছাত্ৰজনক ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
গুণোৎসৱ চলি থকাৰ সময়তে গৌৰীপুৰ শিক্ষা খণ্ডৰ মাজেৰ আলগা চতুৰ্থ খণ্ড এল পি স্কুলত সংঘটিত হৈছে এই শোকাবহ ঘটনা। বিদ্যালয়খনত মধ্যাহ্ন ভোজন ৰান্ধি থকাৰ সময়তে উতলা দাইলৰ কেৰাহীত পৰি গুৰুতৰভাৱে আহত হয় কণমানি শিশুটি।
বিদ্যালয় খনত দুগৰাকী ৰান্ধনীয়ে মধ্যাহ্ন ভোজনৰ আহাৰ প্ৰস্তুত কৰি থকাৰ সময়তে এদল ছাত্ৰ- ছাত্ৰীয়ে ৰন্ধনী ঘৰত প্ৰৱেশ কৰে আৰু ছাত্র-ছাত্ৰীৰ দলটোৱে খাদ্য বিচাৰি ঠেলা–হেঁচা আৰম্ভ কৰে। ঠেলা-হেঁচাৰ বাবেই মিজানুৰ ৰহমান নামৰ ৮ বছৰীয়া কণমানি ছাত্রজন উতলা দাইলৰ কেৰাহীত পৰি যায় আৰু তাৰ পাছতেই বিদ্যালয়খনত হুৱাদুৱা লাগে ।আহত ছাত্ৰজনক ততালিকে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
অভিযোগ অনুসৰি,আন দিনাৰ দৰেই ৰান্ধনী ঘৰটোলৈ আজিও এদল ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ মাতি নিছিল ৰান্ধনীয়ে আৰু সেই সময়তে সংঘটিত হয় এই ভয়াবহ ঘটনাৰ ।জানিবপৰা মতে বিদ্যালয়খনত ১৩০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাথোঁ ২০–২৫খন থালি। যাৰ বাবে ৰান্ধনী ঘৰটোত ২০–২৫ জনকৈ ছাত্র ছাত্ৰীক দুপৰীয়াৰ আহাৰ খাবলৈ দিয়া হয়। যাৰবাবে প্ৰতিদিনে ছাত্র-ছাত্ৰীৰ মাজত আৰম্ভ হয় উশ্বৃংখল পৰিস্থিতিৰ।
আজিও প্ৰথম গ্ৰুপত খাবৰ বাবে আৰম্ভ হোৱা ঠেলা–হেঁচাৰ ফলতে ছাত্ৰজন উতলা দাইলৰ কেৰাহীত পৰি যায়।আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল কৰিম শ্বেখৰ অৱহেলাৰ বাবেই এই অৱাঞ্চিত ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে।