অনলাইনযোগে আহাৰ যোগান ধৰা এক আগশাৰীৰ প্ৰতিষ্ঠান ছুইগীয়ে চলিত মাহত ইয়াৰ কৰ্মচাৰী কৰ্তন কৰাৰ সম্ভাৱনা অধিক স্পষ্ট হৈ উঠিছে ৷ জানিবপৰা মতে জনপ্ৰিয় খাদ্য যোগানকাৰী প্ৰতিষ্ঠানটোৱে অতি শীঘ্ৰেই ইয়াৰ ২৫০জন কৰ্মচাৰী কৰ্তন কৰিব পাৰে ৷ উল্লেখনীয় যে চলিত মাহতে উক্ত প্ৰতিষ্ঠানটোৱে ইয়াত কৰ্মৰত প্ৰায় ৫% কৰ্মচাৰী কৰ্তন কৰিব ৷
অৱশ্যে প্ৰতিষ্ঠানটোৰ এই কৰ্মাচাৰী কৰ্তনৰ ক্ষেত্ৰত ইয়াৰ কুইক কমাৰ্ছ ডেলিভাৰী সেৱা ইনষ্টামাৰ্টকে ধৰি যোগান শৃংখল ,পৰিচালন গোট ,গ্ৰাহক সেৱা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা কৰ্মচাৰী সকল যথেষ্ট প্ৰভাৱিত হয় ৷