২০২২বৰ্ষত ৰিলায়েন্সৰ বাৰ্ষিক সাধাৰণ সভাত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল জিঅ’গ্লাছ। যি হ’ল কোম্পানীটোৰ প্ৰথম স্মাৰ্ট গ্লাছ। যাৰ লক্ষ্য হৈছে থ্ৰীডি অৱতাৰ, হ’ল’গ্ৰাফিক কন্টেন্ট আৰু সাধাৰণ ভিডিঅ’ কনফাৰেন্সিঙৰ অভিজ্ঞতাক অধিক ইন্টাৰেক্টিভ কৰি তোলা। ৭৫ গ্ৰাম ওজনৰ এই জিঅ’ গ্লাছে ভাৰ্চুৱেল জগতত পাৰস্পৰিক ক্ৰিয়া-কলাপ বৃদ্ধিৰ বাবে থ্ৰীডি অৱতাৰ ব্যৱহাৰ কৰে। য’ত গ্ৰাহকে ব্যক্তিগতকৃত অডিঅ’ আৰু ৩ডি হ’ল’গ্ৰামৰ দৰে সুবিধাসমূহো লাভ কৰিব পাৰিব ৷আনহাতে এপ্লিকেচন উদ্যোগ আৰু ই-লাৰ্নিং, মিডিয়া আৰু মনোৰঞ্জন, গেমিং আৰু শ্বপিং আদি খণ্ডৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব এই জিঅ’ গ্লাছ ।লগতে স্মাৰ্টফোনৰ সৈতেও সংযোগ কৰিব পৰা এই ডিভাইচৰ যোগেদি এক আচৰিত ভাৰ্চুৱেল জগতৰ অভিজ্ঞতা লাভ কৰিব পাৰিব ব্যৱহাৰকাৰী সকল ।
ভাৰতৰ কেইবাখনো ৰাজ্যৰ সৈতে বুধবাৰে মধ্যপ্ৰদেশতো উপলব্ধ হ’ল জিঅ’ৰ ৫জি সেৱা।মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত বুধবাৰে উজ্জয়িনৰ মহাকাল লোকত এই ৫জি সেৱা আৰম্ভ কৰা হয়। য’ত মুখ্যমন্ত্ৰী গৰাকীয়ে এযোৰ চশমা পৰিধান কৰা দেখা গ’ল। উল্লেখনীয় যে এইযোৰ সেই একেই গ্লাছ যিযোৰ অক্টোবৰ মাহত দেশত ৫জি সেৱা আৰম্ভ হোৱাৰ সময়ত পিন্ধিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
এতিয়াৰ পৰা মহাকাল লোকলৈ অহা লাখ লাখ ভক্তই উপভোগ কৰিব পাৰিব ৫জি নেটৱৰ্কৰ লগতে ৱাইফাইৰ সুবিধা। ৫জি সেৱা মুকলি অনু্ষ্ঠান উপলক্ষে শিৱৰাজ সিং চৌহানে কয় যে বুধবাৰৰ দিনটো ৰাজ্যখনৰ ইতিহাসত এক ঐতিহাসিক দিন।কাৰণ এয়া কেৱল ৫জিৰেই আৰম্ভণি নহয়, আত্মনিৰ্ভৰ ভাৰতৰো আৰম্ভণি। তেওঁ লগতে কয় যে মধ্যপ্ৰদেশত সুশাসনৰ বাবে ৫জি সেৱা ব্যৱহাৰ কৰা হ’ব। সুশাসন, অপৰাধ প্ৰতিৰোধ, চাইবাৰ অপৰাধ প্ৰতিৰোধ আৰু কৃষি-কৃষক যাতায়ত ব্যৱস্থাপনা আদি সকলো ব্যৱস্থাতে ৫জি সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।