ভাৰত বাসীৰ বাবে আন এক সু-খবৰ ৷ অনলাইন টেক্সট এডিটিং প্লেটফৰ্ম ‘গ্ৰামাৰলি’ৰ চি.ই.অ’ হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় মূলৰ ৰাহুল ৰয়-চৌধুৰীক।ছান ফ্ৰান্সিস্কোত অৱস্থিত প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়৷বৰ্তমান কোম্পানীটোৰ ‘গ্ল’বেল প্ৰডাক্ট হে’ড’ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাহুল ৰয়-চৌধুৰীয়ে ১ মে’ৰ পৰা গ্ৰামাৰলিৰ চিইঅ’ হিচাপে দায়িত্ব ল’ব।বৰ্তমান কোম্পানীটোৰ ‘গ্ল’বেল প্ৰডাক্ট হে’ড’ হিচাপে কৰ্মৰত ভাৰতীয় মূলৰ এই কাৰ্যবাহীগৰাকীয়ে অহা ১ মে’ৰ পৰা গ্ৰহণ কৰিব চিইঅ’ৰ গুৰু দায়িত্ব ।
এই সন্দৰ্ভত ৰাহুল ৰয়-চৌধুৰীয়ে কয় যে যোগাযোগ উন্নত কৰি জীৱন উন্নত কৰাৰ এই অভিযানৰ ওপৰত গভীৰ বিশ্বাস থকাৰ বাবেই তেওঁ দুবছৰ পূৰ্বে ‘গ্ৰামাৰলি’ত যোগদান কৰিছিল। ১ মে’ৰ পৰা ‘গ্ৰেমাৰলি’ৰ চিইঅ’ হিচাপে নতুন দায়িত্বভাৰেৰে সেৱা আগবঢ়াবলৈ পাই তেওঁ গৌৰৱ অনুভৱ কৰিছে ৷
কোন এইজন ৰাহুল ৰায়-চৌধুৰী?
উল্লেখনীয় যে ২০২১ চনৰ মে’ মাহত ‘গ্ৰামাৰলি’ত যোগদান কৰাৰ পূৰ্বে ৰাহুল ৰয়-চৌধুৰীয়ে ১৪ বছৰ ধৰি গুগলত কাম কৰিছিল য’ত তেওঁ প্ৰডাক্ট মেনেজমেণ্টৰ উপ-সভাপতিকে ধৰি একাধিক পদত কাৰ্যনিৰ্বাহ কৰিছিল।২০০৭ চনৰ পৰা ২০০৯ চনৰ ভিতৰত বেংগালুৰুৰ গুগলৰ কাৰ্যালয়ত প্ৰডাক্ট মেনেজাৰ হিচাপে দুবছৰ কটোৱাৰ পিছত তেওঁ কেলিফৰ্ণিয়ালৈ গুচি যায়।
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ উপৰিও নিউয়ৰ্কৰ হেমিল্টন কলেজৰ পৰা গণিতৰ স্নাতক ৰাহুল ৰয়-চৌধুৰী।
ভাৰতীয় সকলৰ বাবে অতি গৌৰৱৰ কথা যে নিযুক্তিৰ লগে লগে ৰাহুল ৰয়-চৌধুৰীৰ নাম ভাৰতীয় মূলৰ আন আন শীৰ্ষ কাৰ্যবাহী বিষয়া সকলৰ তালিকাত অন্তৰ্ভূক্ত হৈছে বৰ্তমান সময়ত যিসকলে বিশ্বৰ বৃহৎ নিগমসমূহৰ সহায়ত গুৰু দায়িত্ব পালন কৰি আছে।