কেতিয়াবা ক্ৰিকেটাৰৰ লগত নাম সংযোগ কৰি, কেতিয়াবা ৰহস্যজনক পোষ্টেৰে শিৰোনামলৈ আহে উৰ্বশী ৰৌতেলা। কিন্তু এইবাৰ ৰহস্য নহয়, উৰ্বশীয়েও সলনি কৰিলে ঠিকনা ৷ মুম্বাইত নতুন ঘৰ ক্ৰয় কৰিছে উর্বশীয়ে ৷ অৱশ্যে ঘৰৰ দাম শুনিলে চকু কপালত উঠিব আপোনাৰ ৷
মুম্বাইৰ জুহু অঞ্চলৰ সেই বিশাল বিলাসী ঘৰটো ক্ৰয় কৰিছে অভিনেত্ৰী গৰাকীয়ে । উৰ্বশীয়ে প্ৰয়াত পৰিচালক যশ চোপ্ৰাৰ ঘৰৰ ঠিক কাষতে থকা ঘৰটো কৰয় কৰিছে ৷মুম্বাই সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি উৰ্বশীৰ ঘৰৰ ভিতৰৰ অংশও চকু কপালত তুলিছে। সন্মুখত এখন ডাঙৰ বাগিচা। ঘৰৰ ভিতৰত প্ৰাইভেট জিম এটাও আছে। বিশাল চোতাল আৰু ঘাঁহনিৰে ভৰা মাটিৰ সৈতে উৰ্বশী ঠিকনা সুকীয়া আকৰ্ষণ হৈ পৰিছে । যশ চোপ্ৰাৰ পত্নী পামেলা চোপ্ৰাৰ পূৰ্বৰ বাংলো ঘৰৰ পিছফালেঅৱস্থিত তেওঁৰ নতুন ঘৰ ।
সূত্ৰ অনুসৰি উৰ্বশীয়ে কাকো খবৰ নিদিয়াকৈ মনে মনে নতুন ঘৰলৈ গুচি যায়। নতুন ঘৰৰ নামটোও ৰহস্যৰ আৱৰ্তত ৰখা হৈছে। যদিও সেই ঘৰৰ মূল্য সকলোৱে জানে। ১৯০ কোটি টকা খৰচ কৰি তেওঁ এই আৱাসগৃহটো ক্ৰয় কৰিছে ৷ উৰ্বশীয়ে যোৱা ৭ মাহ ধৰি এনেকুৱা ঘৰ বিচাৰি আছিল। অনিল কাপুৰ, অক্ষয় কুমাৰো তেওঁৰ চুবুৰীয়া।
শেহতীয়াকৈ কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত দেখা গৈছিল উৰ্বশীক। উৰ্বশীয়ে ২০১৩ চনত ‘সিং ছাব দ্য গ্ৰেট’ ছবিৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। বলীউডৰ কেইবাখনো ছবিত তেওঁক দেখা গৈছে। ২০২২ চনত উৰ্বশীয়ে ‘দ্য লিজেণ্ড’ নামৰ এখন তামিল ছবিতো কাম কৰিছিল।