শুভশ্ৰী গাংগুলী এক প্ৰবল আত্ম বিশ্বাসৰ নাম ৷ জীৱনত কেতিয়াও হাৰ নামানে বুলি প্ৰতিজ্ঞাবদ্ধ হোৱা শুভশ্ৰীয়ে কম বয়সতেই ৭৫ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰ ৰূপায়ণ কৰি অভিনয় জগতৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ৷ বৰ্তমান সময়ত টলীউডৰ এগৰাকী শক্তিশালী অভিনেত্ৰী শুভশ্ৰী গাংগুলী ৷ যাৰ অভিনয়ক লৈ প্ৰশ্ন উঠোৱা সকলোকে এতিয়া তেওঁৰ শক্তিশালী অভিনয়েৰে প্ৰত্যুত্তৰ দিছে অভিনেত্ৰী গৰাকীয়ে ৷ এটা সময়ত মুখ্য অভিনেত্ৰীৰ চৰিত্ৰৰ পৰা বঞ্চিত হোৱা শুভশ্ৰীয়ে নিজকে গঢ়ি তুলিবলৈ বহু কষ্ট স্বীকাৰ কৰিছিল ৷ অভিনয়ৰ যোগেদি এই জগত খনত এখন বিশেষ আসন দখল কৰাৰ প্ৰতিজ্ঞাৰে নিজকে প্ৰস্তুত কৰি তুলিছিল তেওঁ ৷ পৰিনীতা নামৰ ছবি খনৰ যোগেদি পৰৱৰ্তী সময়ত তেওঁ এই কথা প্ৰতিপন্ন কৰিছিল যে তেওঁ এগৰাকী অভিনেত্ৰী হিচাপে কিমান সুদক্ষ বা কিমান প্ৰতিভাশালী ৷এইবাৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ চৰিত্ৰত অভিনয় কৰি যেন নিজকেই নিজে প্ৰতিশ্ৰুতি দিলে অভিনেত্ৰী শুভশ্ৰী গাংগুলীয়ে ৷এনে ধৰণে নিজৰ সাহসিকতাৰ পৰিচয় দিবলৈ হয়তো বেছিভাগ লোকেই অপাৰগ ৷ কিন্তু শুভশ্ৰীৰ ক্ষেত্ৰত এইয়া সম্ভৱ হৈ উঠিছে কেৱল মাত্ৰ তেওঁৰ প্ৰবল আত্মবিশ্বাসৰ বাবে ৷
চকুত এযোৰ পুৰণি চশমা,পকা চুলি ,সোতোৰা-সোতোৰ ছাল আৰু এখন উকা বগা শাৰী পৰিধান কৰা এগৰাকী আত্মবিশ্বাসী বয়োজ্যেষ্ঠ মহিলা ,যাৰ চকু মুখত প্ৰবল আত্মবিশ্বাসৰ চাঁপ ৷ এখন ৱেব চিৰিজৰ এই পোষ্টাৰ খন দেখাৰ পিছত কোনো লোকেই হয়তো আচৰিত নহৈ নোৱাৰিব ৷ কিন্তু তেওঁলোক তেতিয়া আৰু আচৰিত হ’ব যেতিয়া জানিব পাৰিব যে সেইগৰাকীয়েই হৈছে শুভশ্ৰী গাংগুলী ৷
দেৱালয় ভট্টাচাৰ্যৰ ‘ইন্দুবালা ভাতেৰ হোটেল’ত অভিনয়ৰ যোগেদি বাংলা ৱেব চিৰিজৰ জগতখনত পদাৰ্পণ কৰিছে এইগৰাকী শক্তিশালী অভিনেত্ৰীয়ে ৷ ৩০বছৰীয়া এইগৰাকী ষোড়শী গাভৰুৱে ৭৫বছৰীয়া প্ৰৌঢ়াৰ অভিনয় কৰি আশ্চৰ্যচকিত কৰি তুলিছে চলচ্চিত্ৰ জগতৰ সকলোকে ৷
এয়াই প্ৰথম নহয় ৷ কেইবাবাৰু এনেকৈ নিজকে চৰিত্ৰটোৰ সৈতে একাকাৰ কৰি দিব পৰা এই অভিনেত্ৰী গৰাকীয়ে নিজকে উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ সপোন দেখাৰ আগতে সপোন দেখে এটা ভাল কাম কৰাৰ ৷ যাৰ বাবে যথেষ্ট পৰিশ্ৰম কৰে ,বহু কষ্ট স্বীকাৰ কৰে তেওঁ ৷
কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে বৰ্ধমানৰ পৰা কলিকতাৰ চলচ্চিত্ৰ জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেত্ৰী যি প্ৰকৃতাৰ্থত প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী নাইবা নৱ-প্ৰজন্মৰ বাবে এক আদৰ্শ ৷