গাড়ী দুৰ্ঘটনাত পতিত হোৱা লছ এঞ্জেলছৰ অভিনেত্ৰী এনি হেচেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় অভিনেত্ৰী এনি হেচেৰ গাড়ীয়ে এঞ্জেলছৰ এটা ঘৰত খুন্দা মৰাৰ পিছত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
লছ এঞ্জেলছ অগ্নি নিৰ্বাপক বিভাগে জনাইছে যে লছ এঞ্জেলছৰ মাৰ ভিষ্টা চুবুৰীয়া অঞ্চলৰ এটা দুমহলীয়া ঘৰত এখন বাহনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ প্ৰচণ্ড জুই লাগিছিল।
আনহাতে গাড়ীখনত পোৱা প্ৰাপ্তবয়স্ক মহিলা গৰাকীক সংকটজনক অৱস্থাত এলএএফডি পেৰামেডিক্সে চিকিৎসালয়লৈ লৈ গৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমসমূহে এই কথা নিশ্চিত কৰিছিল যে নীলা মিনি কুপাৰৰ ভিতৰত থকা মহিলাগৰাকী আছিল জনপ্ৰিয় অভিনেত্ৰী হেচে ।৫৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে গাড়ী চলাই গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এটা এপাৰ্টমেণ্টৰ গেৰেজত খুন্দা মাৰিছিল।
দুৰ্ঘটনাটোত মাৰ ভিষ্টাৰ ঘৰটো “যথেষ্ট ক্ষতিগ্ৰস্ত” হৈছিল। অগ্নি নিৰ্বাপক বিভাগে জনোৱা অনুসৰি ৫৯ জন অগ্নিনিৰ্বাপক বাহিনীক সম্পূৰ্ণৰূপে অগ্নি নিৰ্বাপিত কৰিবলৈ ৬৫ মিনিট সময় লাগিছিল।
তেওঁ ১৯৯০ৰ দশকৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল যাৰ ভিতৰত আছে “চিক্স দে’জ, ছেভেন নাইটছ”, “ডনি ব্ৰাস্কো” আৰু “আই নো হোয়াট ইউ ডিড লাষ্ট চামাৰ।”
হেচে “আনাদা ৱৰ্ল্ড” নামৰ চোপ অপেৰাত তেওঁৰ চৰিত্ৰৰ বাবেও জনাজাত, যাৰ বাবে তেওঁ ১৯৯১ চনত ডেটাইম এমি লাভ কৰিছিল।