অৱশেষত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিলে অভিনেতা ছলমান খানে ৷ শেহতীয়াকৈ বিভিন্ন স্থানৰ পৰা লাভ কৰা ভাবুকি পত্ৰৰ পিছত আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বিচাৰি আৱেদন কৰিছিল ছলমানে ৷ ইয়াৰ ভিত্তিত তেওঁক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। যোৱা ২৯ মে’ত পঞ্জাৱৰ মানছাৰ সমীপত কণ্ঠশিল্পী সিধু মুছৱালাক গুলীয়াই হত্যা কৰাৰ মাত্ৰ কেইদিনমান পিছতে জুন মাহৰ আৰম্ভণিত অভিনেতাগৰাকী আৰু তেওঁৰ পিতৃয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। যোৱা মাহত মুম্বাই আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পিছতে অনুজ্ঞাপত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষই প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছিল।
বিগত মাহৰ শেষৰ ফালে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে শীৰ্ষ পুলিচ বিবেক ফানছালকাৰক সাক্ষাৎ কৰিছিল অভিনেতা গৰাকীয়ে। অনুজ্ঞাপত্ৰ প্ৰদানৰ নিয়ম অনুসৰি আৰক্ষী মুখ্য কাৰ্যালয়লত উপস্থিত হৈছিল ছলমান ৷
ভাবুকি লাভ কৰাৰ পিছৰে পৰা ছলমান খানে ভ্ৰমণৰ বাবে এখন বুলেটপ্ৰুফ লেণ্ড ক্ৰুজাৰ ব্যৱহাৰ কৰি আহিছে ৷ গেংষ্টাৰ লৰেন্স বিষ্ণয়ে ছলমান খানক মৃত্যুৰ ভাবুকি দিছিল ৷ ১৯৯৮ চনত কৃষ্ণ হৰিণ হত্যাৰ গোচৰত অভিযুক্ত হোৱাৰ পাছৰে পৰা বিষ্ণয়ে ছলমানক হত্যাৰ ভাবুকি প্ৰদান কৰি আহিছে ৷ শৈতীয়াকৈ লাভভ কৰা ভাবুকি পত্ৰত উল্লেখ কৰা হৈছিল যে অতি সোনকালেই চেলিম খান আৰু তেওঁৰ পুত্ৰ ছলমানক হত্যা কৰা হ’ব ৷