ইতিমধ্যে জিঅ’ চিনেমাত মুক্তি লাভ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় বলীউড অভিনেতা শ্বাহিদ কাপুৰৰ একচন ছবি ‘ব্লাডি ডেডী’ । শেহতীয়াকৈ জিঅ’ ষ্টুডিঅ’ত অনুষ্ঠিত এক অনুষ্ঠানত শ্বাহিদ কাপুৰে কয় যে ছবিখনৰ দৃশ্যগ্ৰহণ আছিল প্ৰায় ৫০ দিনীয়া আনহাতে মহামাৰীৰ সময়তে ইয়াৰ কিছু অংশ শ্বুটিং কৰা হৈছিল । আনহাতে অভিনেতাগৰাকীয়ে কয় যে ‘ব্লাডি ডেডী’ত তেওঁৰ নৃত্য অভিজ্ঞতাই তেওঁক একচনৰ ক্ষেত্ৰতো সহায় কৰিছিল।
বলীউড অভিনেতা শ্বাহিদ কাপুৰ নৃত্যৰ দক্ষতাৰ বাবে সুপৰিচিত। গতিকে যেতিয়া অভিনেতা ৰিতেশ দেশমুখে মঞ্চত তেওঁক নৃত্য আৰু একচনৰ সাদৃশ্যৰ বিষয়ে সুধিলে তেতিয়া শ্বাহিদে উত্তৰত ক’লে যে বাস্তৱিক পাৰ্থক্য মাথোঁ, এটাই সেয়া হ’ল তেজ (ব্লাড) কিন্তু বাকী সকলো প্ৰায় একেই। অৱশ্যে নৃত্যৰ ক্ষেত্ৰত কোৰিঅ’গ্ৰাফীৰ কথাও ক’ব লাগিব । লগতে তেওঁ কয় যে ১৫ বছৰ বয়সৰ পৰাই নাচিবলৈ আৰম্ভ কৰা বাবেই হয়তো তেওঁৰ বাবে এই কাম কঠিন নাছিল।
শ্বাহিদৰ মতে কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া এই ছবিখন কৰা হৈছিল তেওঁলোকৰ বহুত সমস্যাৰ সৃষ্টি হৈছিল কাৰণ ছবিখনৰ একচন ডাইৰেক্টৰ সকল বেছিভাগেই আছিল লণ্ডনৰ আৰু হলিউডৰ ৷ ছবিখনৰ বাবে তেওঁলোকে যথেষ্ট অনুশীলন কৰিবলগীয়া হৈছিল ।
শ্বাহিদে কয় যে মহামাৰীৰ সময়ত ছবিখনৰ শ্বুটিঙৰ সময়ত ব্লাডি ডেডীৰ একচন পৰিচালকসকলো ভিছাৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল আৰু অৱশেষত যেতিয়া তেওঁলোক আহিছিল তেতিয়া তেওঁলোকে ভাবিছিল যে এই ছবিখনেই হয়তো এক দুৰ্যোগ হে আনিব।
কিন্তু ছবিখনৰ ক্ষেত্ৰত তেওঁ অতি শীঘ্ৰেই এইসমূহ আয়ত্ত কৰিব পৰা বাবেই আজিৰ দিনত ই সম্ভৱ হৈ উঠিল ৷ লগতে শ্বুটিঙৰ সময়ত অতি কঠিন একচন সমূহ কৰি থকাৰ বাবে তেওঁৰ ওজনো যথেষ্ট হ্ৰাস পালে।