কোটি কোটি দৰ্শকৰ হৃদয়ৰ ৰাণী ঐশ্বৰ্য ৰায় বচ্চন। পঞ্চাশ বছৰ বয়সতো পৰ্দাত তেওঁৰ উপস্থিতিৰ উন্মাদনা এতিয়াও একেই। ছ’চিয়েল মিডিয়াত তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়। কিন্তু ঐশ্বৰ্যই মাত্ৰ এজন ব্যক্তিক সামাজিক মাধ্যমত ‘অনুসৰন’ কৰে। কিন্তু সেই ব্যক্তিজন কোন জানেনে ?
ঐশ্বৰ্য ৰায় বচ্চনে ১৯৯৪ চনত আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়লাভ কৰি দেশক গৌৰৱান্বিত কৰে ৷ অভিনয় জীৱন আৰম্ভ কৰাৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি নাচালে। সফল মডেলিঙৰ পিছত ঐশ্বৰ্যই এক উজ্জ্বল অভিনয় কেৰিয়াৰ উপভোগ কৰি আছে। অভিষেক বচ্চনৰ সৈতেও তেওঁৰ সুন্দৰ সংসাৰ ৷ ৪৯ বছৰ বয়সতো তেওঁ দৰ্শকৰ হৃদয়ত একে মৰম ধৰি ৰাখিবলৈ সক্ষম হৈছে ৷
সময়ৰ লগে লগে ঐশ্বৰ্যৰ পৰ্দাত উপস্থিতি কমি আহিল। অৱশ্যে কন্যা আৰাধ্যাক জন্ম দি ডাঙৰ-দীঘল কৰাৰ পিছত ১১ বছৰৰ পাছত পুনৰ পৰ্দালৈ ঘূৰি আহে অভিনেত্ৰীগৰাকী। ‘পনিয়িন চেলভান ১’ ছবিখনতো তেওঁক দেখি দৰ্শক আপ্লুত হৈছিল।
নিয়মীয়াকৈ ছ’চিয়েল মিডিয়াতো সক্ৰিয় হৈ থাকে অভিনেত্ৰীগৰাকী। ছছিয়েল মিডিয়াতো তেওঁ সক্ৰিয় ৷১১৬ লাখ লোকে ইনষ্টাগ্ৰামত ঐশ্বৰ্যক ফ’ল’ কৰে। কিন্তু ঐশ্বৰ্য নিজে মাত্ৰ এজন মানুহক অনুসৰণ কৰে। কোন হ’ব পাৰে সেইজন ব্যক্তি! স্বামী অভিষেক বচ্চনক তেওঁ সামাজিক মাধ্যমত অনুসৰণ কৰে ৷
অভিষেক-ঐশ্বৰ্য ১৫ বছৰ ধৰি একেলগে আছে। ‘উমৰাও জন’ৰ শ্বুটিংৰ সময়ত অভিষেকে ঐশ্বৰ্যক বিয়াৰ প্ৰস্তাৱ দিছিল। ২০০৭ চনৰ ২০ এপ্ৰিলত নিউয়ৰ্কত বিবাহপাশত আবদ্ধ হয় এই দম্পতীহাল।