মুম্বাইৰ তীব্ৰ যানজঁটৰ বাবে বাইকেৰে হেলমেট পৰিধান নকৰাকৈ শ্বুটিংস্থলীলৈ যাত্ৰা কৰি বিপদত পৰিছে দুই তাৰকা অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মা ৷ দুয়ো গৰাকী তাৰকাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব মুম্বাই আৰক্ষীয়ে। যান-বাহন আইন উলংঘা কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
উল্লেখ্য যে সোমবাৰে মুম্বাইৰ যান-জঁটৰ বাবে অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মাই বাইকত উঠি শ্বুটিঙলৈ যাবলৈ গাড়ী এৰি থৈ যায়। সেই ছবি দুখন নেট জগতত ভাইৰেল হৈ পৰে। হালধীয়া ৰঙৰ টি-চাৰ্ট পিন্ধি অচিনাক্ত ব্যক্তিৰ পিছফালে বাইকত বহি থকা দেখা গৈছিল অমিতাভক।
অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ক্ষেত্ৰতো একেই কথা। সোমবাৰে তেওঁ দেহৰক্ষীৰ বাইকত উঠি শ্বুটিং স্থানলৈ যায়। পথত গছ বাগৰি পৰাৰ ফলত সৃষ্টি হোৱা ট্ৰেফিক জামৰ পৰা হাত সাৰিবলৈ আন কোনো উপায় নাছিল বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। আনহাতে, ৰাজহুৱা স্থানত দুই তাৰকাক খোজকাঢ়ি যোৱা দেখি চাঞ্চল্যৰ সৃষ্টি হৈছে। অনুৰাগীয়ে তেওঁলোকক দেখি উল্লাসিত হৈ পৰে যদিও যান-বাহন আইন উলংঘা কৰা কথাটো এৰাই চলিব নোৱাৰিলে।
কেইবাজনো নেটিজেনে আঙুলিয়াই দিয়াৰ দৰে বাইক ভ্ৰমণৰ সময়ত অমিতাভ বা অনুষ্কাই কোনোৱেই হেলমেট পিন্ধা নাছিল। এই ঘটনাই মুম্বাই আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰে। এজন ব্যক্তিয়ে অমিতাভ আৰু অনুষ্কাৰ ভাইৰেল ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি মুম্বাই আৰক্ষীক টেগ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে উত্তৰত লিখিলে, “আমি ট্ৰেফিক শাখাত এই বিষয়ে খবৰ দিছো।”
মুম্বাইৰ আইন অনুসৰি কেৱল চালকেই নহয়, বাইক চলাওঁতে আৰোহীয়েও হেলমেট পিন্ধিব লাগিব। কিন্তু মুম্বাই যান-বাহন আৰক্ষীয়ে দাবী কৰিছে যে যোৱা এবছৰত হেলমেটবিহীন অৰোহীৰ সংখ্যা বৃদ্ধি পাইছে। অনুষ্কা আৰু অমিতাভে মটৰ গাড়ী আইন ১৯৮৮ৰ অধীনত যথেষ্ট জৰিমনা ভৰিব লাগিব।