কন্যা বামিকা কোহলিৰ বয়স দুবছৰ। ইফালে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিয়ে নতুন খবৰ দিবলৈ ওলাইছে। অভিনেত্ৰীগৰাকী পুনৰ মাতৃ হ’বলৈ গৈ আছে। সম্প্ৰতি তিনিমাহৰ অন্তঃসত্বা অনুষ্কা ৷
যোৱা কেইমাহমানৰ পৰা অনুষ্কাই নিজকে জনসাধাৰণৰ চকুৰ পৰা আতৰাই ৰাখিছে। স্বামী বিৰাটৰ সৈতে কোনো ভ্ৰমণলৈও তেওঁ যোৱা নাই। ‘হিন্দুস্তান টাইমছ’ৰ প্ৰতিবেদন অনুসৰি শেহতীয়াকৈ মুম্বাইৰ এখন ক্লিনিকৰ বাহিৰত বিৰাট-অনুষ্কাক দেখা গৈছিল। সেই সময়ত বিৰাটে নিজেই ফটোগ্ৰাফাৰসকলক ছবিখন ছপা নকৰিবলৈ অনুৰোধ কৰিছিল। আৰু লগতে কয় যে তেওঁলোকে অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰিব। তেতিয়াৰ পৰাই এই খবৰটো লাহে লাহে বিয়পি পৰিছে ৷
সূত্ৰ অনুসৰি যোৱাবাৰৰ দৰে এই ভাল খবৰটো ঘোষণা কৰিব কোহলি দম্পতীয়ে। গতিকে তাৰ আগতে দম্পতীহালে গোপনীয়তা বজাই ৰাখিব বিচাৰে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ঘৰত গণেশ পূজা অনুষ্ঠানৰ সময়ত শাৰী আৰু ঢিলা চুৰিদাৰ পিন্ধি থকা দেখা গৈছিল। ২০২১ চনত জন্ম হৈছিল কন্যা বামিকাৰ।