পপ সাম্ৰাজ্ঞী ব্ৰিটনী স্পিয়েৰ্ছ বৃহস্পতিবাৰে দ্বিতীয় বাৰৰ বাবে বিবাহত আৱদ্ধ হয় ৷ দীর্ঘদিনীয়া প্ৰেমিক ছেম আছঘৰীয়াৰ সৈতে আয়োজন কৰা হৈছিল এই বিবাহ অনুষ্ঠান ৷ লচ এঞ্জেলৰ তেওঁৰ বিলাসী আৱাসত গোপনে আয়োজন কৰা হৈছিল এই বিবাহ অনুষ্ঠানৰ ৷ তৎসত্বেও অথন্তৰ লাগিল বিশ্বৰ শীর্ষ পপ তাৰকা গৰাকীৰ বিবাহ অনুষ্ঠানত ৷ অনাধিকাৰ প্ৰৱেশ কৰি অনুষ্ঠানত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে ব্ৰিটনীৰ প্ৰাক্তন স্বামী জেছন আলেকজেণ্ডাৰে ৷ ২০০৪ চনত ৪০ বছৰীয়া গায়িকাগৰাকীয়ে বিবাহপাশত আবদ্ধ হোৱা শৈশৱৰ বন্ধু জেছন আলেকজেণ্ডাৰৰ সৈতে অতি কম দিনৰ বাবে একেলগে বাস কৰিছিল ৷ পৰৱর্তী সময়ত দুয়োৰে বিবাহ বিচ্চেদ ঘটে ৷
বিবাহ অভ্যর্থনাস্থলীত প্ৰৱেশ কৰিয়েই আলেকজেণ্ডাৰে হুলস্থলীয়া প্ৰৱেশৰ সৃষ্টি কৰাৰ লগতে হতাহতিত লিপ্ত হয় ৷ পাছত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰকা গৰাকীৰ আছঘৰীৰ সৈতে হোৱা বিয়াখন বহুলভাৱে প্ৰচাৰ কৰা হোৱা নাছিল ৷ মাত্ৰ কেই ঘণ্টামানৰ আগতহে বিয়াৰ খবৰ প্ৰকাশ পাইছিল। ২০১৬ চনত আছঘৰী আৰু স্পিয়েৰ্ছৰ চিনাকি হৈছিল ৷ “স্লাম্বাৰ পাৰ্টি”ৰ এটা মিউজিক ভিডিঅ’ত একেলগে অভিনয় কৰাৰ পাছত । যোৱা বছৰৰ শেষৰ ফালে তেওঁলোকৰ এংগেজমেণ্ট ঘোষণা কৰা হৈছিল ৷