ইতিমধ্যে বলীউডত এটা দশক সম্পূৰ্ণ কৰিলে আলিয়া ভাটে । এইবাৰ এই প্ৰজন্মৰ অন্যতম তাৰকা অভিনেত্ৰী আলিয়া ভাটে নিজকে বলীউডৰ সীমাৰ বাহিৰলৈ গৈ ইতিমধ্যে হলিউডত ভৰি দিছে। ‘ৱাণ্ডাৰ উইমেন’ খ্যাত ষ্টাৰে গাল গডটৰ সৈতে তেওঁ অভিনয় কৰিছিল ‘হাৰ্ট অৱ ষ্টোন’ত। চলিত বৰ্ষত মুক্তি পাবলৈ গৈ আছে ছবিখন। এইবাৰ মহেশ-কন্যাই অভিনয় কৰিব খলনায়িকাৰ চৰিত্ৰত ৷ আলিয়া ভাটে দক্ষিণৰ তাৰকা এন টি আৰ জুনিয়ৰৰ সৈতে ‘ৱাৰ ২’ ছবিত টিম আপ কৰিবলৈ ওলাইছে।
কিছুদিন পূৰ্বে খবৰ আহিছিল যে সিদ্ধাৰ্থ আনন্দ নহয়, ‘ৱাৰ ২’ পৰিচালনা কৰিব পৰিচালক অয়ন মুখোপাধ্যায়। ইয়াৰ পিছত দক্ষিণৰ তাৰকা অভিনেতা এন টি আৰ জুনিয়ৰক ‘ৱাৰ ২’ ছবিত হৃতিক ৰোশনৰ বিপৰীতে খলনায়কৰ চৰিত্ৰত চুক্তিৱদ্ধ কৰা হয় । এইবাৰ সেই ছবিখনত এন টি আৰ জুনিয়ৰৰ সৈতে অভিনয় কৰিবলৈ ওলাইছে আলিয়া ভাটে। ইয়াৰ পূৰ্বে আলিয়াই ‘আৰ আৰ আৰ’ত এন টি আৰ জুনিয়ৰৰ সহ অভিনেতা হিচাপে কাম কৰিছিল। যদিও সেই ছবিখনত আলিয়াক আন এজন দক্ষিণৰ তাৰকা ৰাম চৰণৰ বিপৰীতে দেখা গৈছিল। ‘আৰ আৰ আৰ’ৰ পিছত আলিয়াই এন টি আৰ জুনিয়ৰৰ সৈতে কোৰাটালা শিৱৰ ‘এন টি আৰ ৩০’ত কাম কৰাৰ সুযোগ লাভ কৰে। ‘ৱাৰ ২’ ছবিখনত এন টি আৰ জুনিয়ৰৰ সৈতে কাম কৰাৰ সুযোগ এৰিব নিবিচাৰে আলিয়াই। ‘ৱাৰ ২’ৰ পৰিচালক অয়নে নিজেই আলিয়াক প্ৰস্তাৱ দিছিল। ছবিখনত ঋত্বিকৰ বিপৰীতে দেখা যাব দীপিকা পাডুকনক।
কেৱল নতুন ধৰণৰ চৰিত্ৰ বাছি লোৱাই নহয়, আলিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পৰিচয় গঢ়ি তোলাৰ পথত আগবাঢ়িছে। এইবাৰৰ মেট গালাতো অংশ ল’ব আলিয়াই ৷, মে’ মাহৰ প্ৰথম সোমবাৰে বলীউডৰ এই প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ তাৰকাই ডিজাইনাৰ প্ৰবাল গুৰুঙে প্ৰস্তুত কৰা কাপোৰ পিন্ধি বিশ্ববিখ্যাত অনুষ্ঠানত উপস্থিত হ’বলৈ ওলাইছে।