বলীউডৰ এক চিনাকি মুখ হৈছে কল্কি কেনকলা। মূলসুঁতিৰ বাণিজ্যিক ছবিৰ উপৰিও তেওঁ কেইবাখনো সমান্তৰাল ধাৰাৰ ছবিতো অভিনয় কৰিছে। বলিউডৰ ভিতৰুৱা চক্ৰৰ সদস্য নহ’লেও অভিনেত্ৰী কল্কি কেনকলাই নিজৰ প্ৰতিভাৰে মায়ানগৰীত সুদৃঢ় স্থান দখল কৰিছে। জন্মসূত্ৰে ফৰাচী হ’লেও কল্কি ভাৰতত ডাঙৰ-দীঘল হৈছিল। ২০০৯ চনত অনুৰাগ কাশ্যপৰ ‘দেৱ ডি’ ছবিৰে বলীউডত অভিষেক ঘটে কল্কিৰ। ইয়াৰ পিছত তেওঁ ‘জিন্দেগী না মিলেগী ড’বৰা’, ‘ছাংহাই’, ‘য়েহ জৱানী হায় দীৱানী’, ‘মাৰ্গৰিটা উইথ এ ষ্ট্ৰ’’, ‘ৱেইটিং’ আদি ছবিত কাম কৰিছিল। ২০১১ চনত পৰিচালক অনুৰাগ কাশ্যপৰ সৈতে কল্কিয়ে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেই সম্পৰ্ক বেছি দিন নাথাকিল। ২০১৫ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয় ৷ইয়াৰ পিছতে ইজৰাইলী সংগীতজ্ঞ গাই হাৰ্চবাৰ্গৰ সৈতে কল্কিৰ সম্পৰ্ক আছিল। তেওঁলোকৰ এগৰাকী কন্যাও আছে। ইয়াৰ পিছতো কল্কি আৰু গাইৰ মাজত বিবাহ সম্পন্ন হোৱা নাই ৷
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কল্কিয়ে কয় যে দেথ ছীলৈ যোৱাৰ পথত পেট্ৰ’ল পাম্পত গাইক লগ পাইছিল। তাৰ পৰা বন্ধুত্ব, তাৰ পিছত প্ৰেম। ২০২০ চনত কন্যা ছাফোৰ জন্ম হয় । তাৰ পিছত তিনি বছৰ পাৰ হৈ গ’ল। বিয়াৰ কথা সোধাত কল্কিয়ে কয়, “এবাৰ বিয়া হৈছিলো। তাৰ পিছত বিবাহ বিচ্ছেদ হ’ল। আৰু গাইৰ কেতিয়াও বিয়াৰ প্ৰতি কোনো উৎসাহ নাছিল। গতিকে আমি দুয়ো সিদ্ধান্ত লৈছিলো যে আমি বিয়াৰ পথত নাযাওঁ। কিন্তু অমি একেলগে সময় কটাইছো ৷”
বিবাহত নবহাকৈ সন্তান জন্ম দিয়াৰ বাবে কল্কি সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু সেই সকলোবোৰ নেতিবাচক মন্তব্য একাষৰীয়া কৰি গাইৰ সৈতে তেওঁৰ ছোৱালী ছাফোৰ সৈতে সুখী জীৱন অতিবাহিত কৰি আহিছে ৷ অভিনেত্ৰীগৰাকীৰ মতে, “আমি দুয়ো দুটা ভিন্ন সংস্কৃতিৰ পৰা আহিছো। মই মোৰ ছোৱালী ছাফোক সকলো শিকাবলৈ চেষ্টা কৰো। গাই মোৰ বাবে ফৰাচী ছবি চাই, হিন্দী শিকিলে, বিৰিয়ানী ৰান্ধিবলৈ শিকিলে, মই হিব্ৰু শিকিলোঁ, পশ্চিমীয়া শাস্ত্ৰীয় সংগীত শুনিবলৈ চেষ্টা কৰিলোঁ।”