এইবাৰ চিনেমাহললৈ গৈ মন্ত্ৰী-বিধায়কৰ সৈতে চিনেমা চাব অসমৰ মুখ্যমন্ত্ৰী ডক্তৰ হিমন্ত বিশ্ব শৰ্মাই ৷ অহা ১৫ মাৰ্চ তাৰিখে গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তি স্থিত চিটি চেণ্টাৰৰ পি ভি আৰ চিনেমা হলত সন্ধিয়া ৬বজাত মুখ্যমন্ত্ৰী গৰাকীয়ে উপভোগ কৰিব এখন বিশেষ চিনেমা৷ চিনেমাখনৰ নাম ‘The Kashmir Files’ ৷
জানিবপৰা মতে সদৌ অসম চিনেমা হল মালিক সন্থাই এই চিনেমাখন কৰমুক্ত কৰিবলৈ দাবী জনাইছে ৷ অৱশ্যে দেশৰ বহু ৰাজ্যত এই চিনেমাখনৰ আমোদকৰ ইতিমধ্যেই প্ৰত্যাহাৰ কৰা হৈছে ৷
কিন্তু কি আছে এই চিনেমাখনত ? কিয় মুখ্যমন্ত্ৰীয়েও চাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ‘The Kashmir Files’? প্ৰকৃতাৰ্থত এই চিনেমাখনৰ প্ৰেক্ষাপট হ’ল ৯০দশকত কাশ্মীৰ ৷ সেইসময়ত কাশ্মীৰী পণ্ডিত সকলৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰ আৰু হত্যালীলাই হ’ল চিনেমা খনৰ মূল বিষয়বস্তু ৷ বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চিনেমা খনত মুখ্যচৰিত্ৰ ৰূপায়ন কৰিছে বলিউডৰ দুগৰাকী শক্তিশালী ও জনপ্ৰিয় অভিনেতা অনুপম খেৰ আৰু মিথুন চক্ৰৱৰ্তীয়ে ৷ যাৰ অভিনয়ে দৰ্শকক মুগ্ধ কৰাৰ লগতে সেই সময়ৰ কাশ্মীৰক স্পষ্টকৈ জনমানসত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ৷