২০২৩বৰ্ষৰ ৫ আৰু ৬ জানুৱাৰীত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব সংবাদ কেন্দ্ৰৰ ‘চলচিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেল’ৰ প্ৰস্তুতি এতিয়া চূড়ান্ত পৰ্যায়ত ৷
চলচিত্ৰমৰ সভাপতি উৎপল দত্ত আৰু সম্পাদক ভগৱৎ প্ৰীতমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া অনুসৰি মহোৎসৱত আয়োজিত চুটি ছবি প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা হৈছে ৬খনকৈ ছবি ৷ প্ৰতিযোগিতা শাখাৰ বাবে নিৰ্বাচিত ছবিকেইখন হ’ল ঋতুৰাজ দত্তৰ ‘বাজনা’,ড০ অপৰ্ণা বুজৰবৰুৱাৰ ‘ঢুলীয়া অব ওল্ড কামৰূপ’,বিশ্বজিত দাসৰ ‘টুথ এণ্ড ছেটায়াৰ’,ড০ সুৰভি বিপ্লৱৰ ‘কিষাণ পৰ্ব পোলা’,আৰু বিশাল স্বৰ্গীয়াৰীৰ ‘গোঁসাই; দ্য কালাৰ অব স্প্ৰিং’ ৷
আনহাতে মহোৎসৱত প্ৰদৰ্শিত হ’বলগীয়া আন ছবিকেইখন হ’ল মহৰ্ষি তুহিন কাশ্যপৰ ‘দ্য হৰ্চ ফ্ৰম হেভেন’ ,সনাতন কৰ্মকাৰৰ ‘দা লেও অব হিডেন ট্ৰেজাৰ’,বিজু দাসৰ ‘দ্য বাৰ্ড ছেলাৰ’,ভবানী দলে টাহুৰ ‘সক্ষম’,গুঞ্জন শৰ্মাৰ ‘নিউ ইয়েৰ ইন ঈশান ভাৰত’,অলকেশ বুজৰবৰুৱাৰ ‘ৰাংফ্ৰা’,ৰাজা চৰণ সিঙৰ ‘চাফ’কেছন’,সংগীতা মেধিৰ হাটকথা’ আৰু ৰাকেশ মৰিংগাথেমৰ ‘ইৰনলুংদাগী’ ৷
তেওঁলোকে জানিবলৈ দিয়া অনুসৰি উত্তৰ-পূব ভাৰতৰ চিত্ৰ-নিৰ্মাতা সকলৰ মাজতে সীমিত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ছবিখনে ভাৰতীয় চিত্ৰ সাধনাৰ প্ৰতিযোগিতাত পোনপটিয়াকৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰিব ৷আনহাতে ৬জানুৱাৰীৰ এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত বিজয়ী সকলক পুৰষ্কাৰ প্ৰদানকৰা হ’ব ৷য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব লছ এঞ্জেলছ নিবাসী জনপ্ৰিয় পৰিচালক আদিত্য পট্টবৰ্ধন ৷
উল্লেখযোগ্য যে গুৱাহাটীৰ বাহিৰৰ পৰা অহা চলচিত্ৰ প্ৰেমী সকলৰ সুবিধাৰ্থে এই মহোৎসৱ দিনৰ দহ বজাৰ পৰা সন্ধিয়া পাঁচ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব ৷