বিশ্বৰ সবাতোকৈ জনপ্ৰিয় পপতাৰকাসকলৰ ভিতৰত অন্যতম হৈছে ৰিহানা ৷ যোৱা বছৰৰ মে’ মাহত প্ৰথম সন্তান জন্ম দি মাতৃ হৈছিল পপ তাৰকা গৰাকী । পপ ষ্টাৰ আৰু ৰেপাৰ ইছাপে ৰকিৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পর্ক ৷ শেহতীয়াকৈ ৰিহানা দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ খবৰ পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি দ্বিতীয় সন্তান জন্ম হোৱাৰ পূর্বেই তেওঁ প্ৰেমিকৰ সৈতে বিয়াত বহিব বিচাৰিছে ৷
কেইসপ্তাহমানৰ আগতে ৰিহানাই আমেৰিকাৰ ফুটবল ইভেণ্ট (ছুপাৰ বাউল)ৰ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিল। অনুষ্ঠানৰ মঞ্চত ৰিহানাই দ্বিতীয়বাৰৰ বাবে গর্ভধাৰণ কৰাৰ খবৰ দিয়ে ৷ ৰিহানাইও কেইবাটাও সাক্ষাৎকাৰত মাতৃত্বৰ অভিজ্ঞতাৰ কথা কৈছে। ২০২০ চনৰ পৰা ৰেপাৰ ৰকিৰ সৈতে সম্পৰ্ক স্থাপন কৰি আহিছে ৰিহানা। ২০২২ চনৰ ১৩ মে’ত জন্ম হৈছিল দম্পতীহালৰ প্ৰথম সন্তান।
চলিত বৰ্ষৰ শেষৰ ফালে দ্বিতীয় সন্তান জন্ম দিব ৰিহানাই। তাৰ আগতে ৰিহানাই নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিক এছাপ ৰকিৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰে। শুনা গৈছে যে পপ তাৰকাগৰাকীয়ে নিজৰ জন্মভূমি বাৰ্বাডোছত ৰকিৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ আগ্ৰহী। অৱশ্যে সন্তান জন্ম হোৱাৰ সম্ভাৱনাৰ বাবে ৰিহানাই সাধাৰণভাৱে পৰিয়ালৰ লোকৰ উপস্থিতিতবিবাহ অনুষ্ঠানটো সম্পূৰ্ণ কৰিব বিচাৰিছে। ৰিহানা আৰু ৰকি দুয়োজনেই জনপ্ৰিয় পপ তাৰকা।
২০১৬ চনত মুক্তি পাইছিল ৰিহানাৰ শেষৰটো এলবাম। তাৰ পিছত প্ৰায় ৭ বছৰ পাৰ হৈ গ’ল। ৰিহানা যোৱা কেইবছৰমানৰ পৰা নিজৰ কোম্পানী ফেণ্টীত ব্যস্ত হৈ আছে। অৱশ্যে ছুপাৰ বোলৰ অনুষ্ঠানলৈ ঘূৰি অহাৰ পিছত পপ তাৰকাগৰাকীয়ে পৰৱৰ্তী এলবামৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। অনুৰাগীসকলেও অপেক্ষা কৰি আছে ৰিহানাৰ পৰৱৰ্তী এলবামৰ বাবে।