প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে কন্যা মালটি মেৰী চোপ্ৰা জোনাছক জন্মৰ প্ৰায় এবছৰ ধৰি কেমেৰাৰ পৰা আতৰাই ৰাখিছিল। চেৰ’গেচিৰ জৰিয়তে নিক-প্ৰিয়ংকা কন্যা সন্তানৰ অভিভাৱক হৈছিল ৷শেহতীয়াকৈ প্ৰিয়ংকা কন্যাৰ সৈতে প্ৰথমবাৰৰ বাবে নিজৰ দেশলৈ আহিছিল। তেওঁ কন্যা আৰু স্বামীৰ সৈতে বিমানবন্দৰত ফটোগ্ৰাফাৰৰ বাবে প’জ দিছিল। প্ৰথম দিনাই অভিনেত্ৰীগৰাকীয়ে মালতীক জনসাধাৰণৰ মাজলৈ অনাত সকলোৱে একেমুখে কৈছে যে মালটি পিতৃ নিক জোনাছৰ দৰে ৷ কিন্তু দেখাত নিক যেন নালাগিলেও কণমানি মালটিৰ খাদ্যাভাস কিন্তু মাতৃ প্ৰিয়ংকাৰ দৰে৷
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কন্যা মালটিৰ খাদ্যাভ্যাসৰ বিষয়ে আমোদজনক তথ্য আগবঢ়ায়। মাত্ৰ ১ বছৰ সম্পূৰ্ণ কৰা কণমানি মালটিয়ে খায় ভাল পায় ভাৰতীয় খাদ্য। কণমানি মালতীৰ প্ৰিয় খাদ্য হ’ল পটল, পানীৰ আৰু বিৰিয়ানী। প্ৰিয়ংকাৰ কয় “মালটি খোৱাৰ ক্ষেত্ৰত বিশুদ্ধ চোপ্ৰা, তাই সুস্বাদু খাদ্য বৰ ভাল পায়।”
এই মুহূৰ্তত প্ৰিয়ংকা ব্যস্ত ‘চিটাডেল’ৰ প্ৰচাৰত। এই ছিৰিজ এপ্ৰিল মাহত মুক্তি পাব। কিন্তু ভাৰতলৈ ঘূৰি অহাৰ আচল কাৰণ কেৱল তেওঁৰ নিজৰ ছিৰিজৰ প্ৰচাৰেই নহয়। ইয়াৰ আঁৰৰ কাৰণ হিচাপে বহুতে অনুমান কৰিছে যে পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাৰ বাগদান অনুষ্ঠানহে ।