মহামাৰী আৰু লকডাউনৰ মাজতে ২০২১ চনত ছবিগৃহত মুক্তি লাভ কৰিছিল ‘পুষ্পা: দ্য ৰাইজ’। দক্ষিণৰ তাৰকা আল্লু অৰ্জুন অভিনীত এই ছবিখনে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। এই ছবিখনৰ জৰিয়তেই আল্লু সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি মুখ হৈ পৰিছিল। এই ছবিখনে দেশৰ বক্স অফিচত তিনিশ পঞ্চাশ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। তেতিয়াৰ পৰাই দৰ্শক আৰু অনুৰাগীয়ে অপেক্ষা কৰি আছে ‘পুষ্পাঃ দ্যা ৰুল’ ছবিখনৰ দ্বিতীয় খণ্ডৰ বাবে। পৰিচালক সুকুমাৰেও যোৱা বছৰৰ শেষৰ পৰা ছবিখনৰ কামত যোগদান কৰে। যোৱা এপ্ৰিল মাহত ছবিখনৰ প্ৰথম আভাস মুক্তি পাইছিল। ছবিখনত আল্লু অৰ্জুনৰ ‘লুক’ মুক্তি পোৱাৰ পিছৰে পৰা অনুৰাগীৰ উত্তেজনা বহুগুণে বৃদ্ধি পাইছে। অৱশ্যে শেহতীয়া খবৰ পাই অনুৰাগী আকৌ এবাৰ হতাশ হৈ পৰিল। ‘পুষ্পা: দ্য ৰুল’ চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি পোৱাৰ কথা আছিল। কিন্তু জানিব পৰা মতে পূৰ্বনিৰ্ধাৰিত সময়ত ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা প্ৰায় নাই।
যোৱা বছৰৰ শেষৰ পৰা আৰম্ভ হৈছে ‘পুষ্পাঃ দ্যা ৰুল’ৰ শ্বুটিং। আল্লু অৰ্জুনক নিজেই বিশাখাপট্টনমত শ্বুটিংৰ বাবে দেখা গৈছিল। সূত্ৰ অনুসৰি পুষ্পা আৰু ভনৱৰ সিঙৰ চৰিত্ৰৰ সংঘাতৰ আধাৰত দ্বিতীয় খণ্ডৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে। আল্লু অৰ্জুনৰ লগতে এই ছবিখনত ৰশ্মিকা মাণ্ডনা আৰু ফাহাধ ফাচিলেও অভিনয় কৰিছে ৷