আকৌ এক দুঃখবৰ ৷ মাত্ৰ ২৪ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লয় ৰেপাৰ ধৰ্মেশ পাৰমাৰ তথা এম চি ট’ৰ ফ’ৰ নামে খ্যাত শিল্পী গৰাকীয়ে। তেওঁ ৰণবীৰ সিং-সিদ্ধান্ত চতুৰ্বেদী অভিনীত ‘গাল্লি বয়’ত ‘ইণ্ডিয়া ৯১’ শীৰ্ষক গীতটোত কণ্ঠ দান কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল। দুয়োজন অভিনেতাই ধৰ্মেশৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
মুম্বাইস্থিত হিপ-হপ কালেক্টিভ স্বদেশী মুভমেণ্টৰ অংশ, এমচি টড ফড জয়া আখটাৰ চলচ্চিত্ৰত অৱদান আগবঢ়োৱা ৫০ জনৰো অধিক ৰেপাৰৰ ভিতৰত অন্যতম আছিল ধৰ্মেশ । অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷
ৰণবীৰে ভঙা হৃদয়ৰ ইমোজিৰ সৈতে ৰেপাৰজনৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ইফালে, সিদ্ধান্তই স্বৰ্গীয় ৰেপাৰজনৰ সৈতে হোৱা কথোপকথনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত তেওঁলোকে ইজনে সিজনৰ প্ৰদৰ্শনক অভিনন্দন জনাইছে।
স্বদেশী মুভমেণ্টেও তেওঁলোকৰ অফিচিয়েল চেনেলত গুজৰাটী ৰেপাৰজনৰ এটা প্ৰদৰ্শন শ্বেয়াৰ কৰি তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে শোক প্ৰকাশ কৰিছে ৷
‘গাল্লি বয়’ জয়া আখটাৰৰ দ্বাৰা পৰিচালিত হৈছিল আৰু দুজন ৰেপাৰ ডিভাইন আৰু নেজিৰ জীৱনৰ আধাৰত সৃষ্টি হৈছিল চলচিত্ৰখন । জনপ্ৰিয় অভিনেতা ৰণবীৰে বস্তিৰ এজন ৰেপাৰৰ চৰিত্ৰত অভিনয় কৰিছিল । ছবিখনত আলিয়া ভট্ট, কল্কি কোয়েচলিন, বিজয় বৰ্মা, অমৃতা সুভাষ আৰু বিজয় ৰাজেও বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছিল।
ছবিখনৰ সেই বিশেষ গীতটিত সদায়েই অমৰ হৈ ৰ’ব এম চি ট’ৰ ফ’ৰ ধৰ্মেশ ৷