কিছুদিন পূৰ্বে ৰনদীপ হুডাৰ শৰীৰৰ অৱস্থা দেখি বহু প্ৰশ্নৰ উত্থাপন হৈছিল ৷ মূৰত চুলি নাই, শৰীৰত মাংস নাই, একপ্ৰকাৰ হাড়ে-চালে লাই গৈছে ৷অৱশ্যে তেওঁৰ কোনো বেমাৰৰ বাবে শৰীৰৰ এনে ৰূপ হোৱা নাই ৷ ‘স্বতন্ত্ৰ বীৰ সাভাৰকাৰ’ ছবিৰ বাবে ৰণদীপে নিজকে এইদৰে প্ৰস্তুত কৰিছে । অভিনেতাগৰাকীৰ মতে, এই ওজন কমোৱা যাত্ৰা একেবাৰেই সুখকৰ নাছিল ৷
শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এই যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰি কয়, ‘এই যাত্ৰা কেৱল মোৰ বাবেই নহয়, ছবিখনৰ সৈতে জড়িত সকলোৰে বাবে ধৈৰ্য্যৰ পৰীক্ষা আছিল। মই প্ৰায়ে অধৈৰ্য্য হৈ পৰিছিলো। বহুদিন ধৰি মোৰ ওজন কম হৈ থকা বিষয়টোক লৈ চিন্তিত হৈ পৰিছিলো । এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল যে শ্বুটিং সোনকালে শেষ কৰিবলৈ অনুৰোধ কৰিছিলোঁ, যাতে আগৰ দৰে দৈনিক খাদ্য খাব পাৰো।”
ছাভাৰকাৰৰ দৰে দেখাবলৈ ৰনদীপে প্ৰায় ৩২ কেজি ওজন কমাইছিল। একেৰাহে ১৮ মাহ ধৰি কম ওজন বজাই ৰাখিবলগীয়া হৈছিল। ৰনদীপে কয়, “এই যাত্ৰা বৰ কঠিন আছিল। প্ৰায়ে দুৰ্বল অনুভৱ হৈছিল। মই ভাবিছিলো মই অজ্ঞান হৈ যাম। এজন অভিনেতাৰ বাবে ই এক ভয়ংকৰ অভিজ্ঞতা। কিন্তু মোৰ বিশ্বাস, প্ৰতিজন অভিনেতাই এই দিশত গুৰুত্ব দিব লাগে। চৰিত্ৰটোৰ ৰূপটো গুৰুত্বপূৰ্ণ।“
ভৱিষ্যতে এনে অভিজ্ঞতাৰ সন্মুখীন হ’ব বিচৰা নাই বুলি স্পষ্ট কৰি দিছিল অভিনেতাগৰাকীয়ে। তেওঁ কয় -, “মই অধিক সংবেদনশীল লোকৰ সৈতে কাম কৰিম, যিসকলে কামৰ মানদণ্ড আৰু মোৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব। যদি তেনেকুৱা হয়, তেন্তে ভৱিষ্যতে মই আৰু সহজ ভূমিকা পালন কৰিম। পৰিস্থিতি ইমান বেয়া হৈছিল যে মই মৰি গ’লোহেঁতেন। ভৱিষ্যতে যদি আপুনি এনেকুৱা কাম কৰে তেন্তে মই প্ৰথমে চুক্তি কৰিম।”