চ’ত পাৰ হৈ ব’হাগ অহাৰ লগে লগে গৰম তীব্ৰতৰ হ’ব ধৰিছে ৷ কেতিয়াবা আকাশখন ডাৱৰীয়া হৈ পৰে যদিও গৰমৰ অস্বস্তি কমি নাযায়। কামৰ পৰা ওভতি আহিও ঘৰত গৰমৰ বাবে অশান্তিৰ সৃষ্টি হয় ৷ সেয়েহেঘৰত এয়াৰ কণ্ডিচনাৰ লগোৱাৰ কথা ভাবিছা নেকি ? এচি ক্ৰয় কৰাৰ আগতে কেইটামান কথা মনত ৰাখিব লাগিব। নহ’লে বিপদত পৰিব পাৰে।
এচিৰ প্ৰকাৰ
উইণ্ডো এচি বা স্প্লিট এচি — কোন ধৰণৰ এচি কিনিব? প্ৰথমে ঠিক কৰি দোকানলৈ যাওক। স্প্লিট এচিত কম্প্ৰেছাৰটো কোঠাৰ বাহিৰত থাকে। ডিভাইচটোৰ শব্দ অতি কম। ঘৰৰ বেৰৰ যিকোনো অংশত স্প্লিট এচি স্থাপন কৰিব পাৰি। আনহাতে, উইণ্ড’ এচি প্ৰয়োগ কৰিলে এখন উইণ্ড’ বন্ধ হৈ যায়। অৱশ্যে উইণ্ড’ এচিৰ দাম স্প্লিট এচিতকৈ যথেষ্ট কম।
শক্তি খৰচৰ ৰেটিং
এচিৰ ষ্টীকাৰত ৰেটিং একৰ পৰা পাঁচলৈকে থাকে । ১ ষ্টাৰ ৰেটিং মানে ১ বছৰত ৮৪৩ ইউনিট ব্যৱহাৰ কৰিব এচিটোৱে । ৫ ষ্টাৰ মানে ৫৫৪ ইউনিট ব্যৱহৃত হ’ব । গতিকে তৰাৰ সংখ্যা যিমানেই বেছি হ’ব সিমানেই শক্তিৰ ব্যৱহাৰ কম হয়।
ইনভাৰ্টাৰে বিদ্যুতৰ বিল ৰাহি কৰে
এই এচিত কোঠাটো ঠাণ্ডা হ’লে কম্প্ৰেছাৰটো স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যায়। এই এচিয়ে প্ৰচলিত এয়াৰ কণ্ডিচনাৰতকৈ কম বিদ্যুৎ খৰচ কৰে। কাৰণ ইয়াৰ কম্প্ৰেছাৰ কম ক্ষমতাত চলিব পাৰে। বিদ্যুতৰ খৰচ কমোৱাৰ বাবে এই ইনভাৰ্টাৰ এচি এতিয়া অতি জনপ্ৰিয়।
সংস্থা
ভাল কোম্পানীয়ে মানসম্পন্ন সামগ্ৰী প্ৰদান কৰে। গতিকে এচি দেশী হওক বা বিদেশী হওক, কোম্পানীটোৰ জনপ্ৰিয়তা মনত ৰখা উচিত। বিভিন্ন আকৰ্ষণীয় এচিৰ হেণ্ডেল থাকিব। কিন্তু কিনাৰ আগতে ভালদৰে বিবেচনা কৰিব লাগে। অৱশ্যে বিভিন্ন কোম্পানীৰ এচিৰ দাম বেলেগ বেলেগ।