২৯ এপ্ৰিলত প্ৰয়াত অভিনেতা ইৰফান খানৰ মৃত্যু বাৰ্ষিকী। তেওঁৰ বিয়োগৰ তিনি বছৰ পাৰ হৈ গ’ল। ইৰফান খান আৰু আমাৰ লগত নাই। অভিনেতা গৰাকীৰ মৃত্যু বাৰ্ষিকীত বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰিকল্পনা কৰা হৈছে। অভিনেতা গৰাকীৰ শেষৰখন হিন্দী ছবি ‘দ্য ছং অৱ স্কৰ্পিয়নছ’ মুক্তি পাব ইৰফানৰ মৃত্যু বাৰ্ষিকীৰ মাত্ৰ এদিন পূৰ্বে। বুধবাৰে এই ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় ৷ ২০১৭ চনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। সেই বছৰতে চুইজাৰলেণ্ডৰ লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।
এগৰাকী জনজাতীয় মহিলাৰ জীৱনক কেন্দ্ৰ কৰি ছবিখনৰ কাহিনী আগবাঢ়িছে ৷ অনুপ সিঙৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ইৰফানৰ উপৰিও তিলোত্তামা ছম আৰু ইৰাণী অভিনেত্ৰী গোলশ্বিফতেহ ফাৰাহানীয়েও অভিনয় কৰিছে। মন কৰিবলগীয়া যে ইৰফান আৰু তিলোত্তমাই ইয়াৰ পূৰ্বে অনুপৰ ‘কিছা’ ছবিত অভিনয় কৰিছিল । ছবিখনত বলীউডৰ প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমান আৰু শশাংক অৰোৰাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
ইৰফানৰ অনুৰাগীসকলে ‘দ্য ছং অৱ স্কৰ্পিয়নছ’ মুক্তিৰ খবৰক আদৰণি জনাইছে ৷ একাংশৰ মতে প্ৰয়াত অভিনেতাগৰাকীৰ প্ৰতি ই এক উপযুক্ত শ্ৰদ্ধাঞ্জলি।
২০২০ চনত ৫৪ বছৰ বয়সত বিৰল কৰ্কট ৰোগত আক্ৰান্ত হৈ ইৰফানৰ মৃত্যু হয়। মৃত্যুৰ কিছুদিন পূৰ্বে ইৰফানে অভিনীত ‘হিন্দী মিডিয়াম’ ছবিখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল। প্ৰয়াত অভিনেতাজনৰ পুত্ৰ বাবিল খানে বুধবাৰে ইৰফানৰ শেষৰখন ছবিৰ ট্ৰেইলাৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তেওঁ লিখিছে, ‘আপোনালোকৰ ওচৰলৈ লৈ আহিছো প্ৰেম, উন্মাদনা আৰু বিশ্বাসঘাতকতাৰ এক হৃদয় বিদাৰক কাহিনী।