বৰুৱানীয়ে বানপানী চাবলৈ যাবলৈ বৰুৱাক হাৰাশাস্তি কৰি মাৰিছে ৷বৰুৱাৰ মন নাই যদিও গালি শপনি খোৱাৰ ভয়ত ক’লে, ওলাবা এপাক দেখুৱাই আনিম ।
বৰুৱানীয়ে বানপানীৰ ফটো তুলি ফেচবুকত দিয়াৰ হেঁপাহ বুকুত বান্ধি হাতত মোবাইলটো লৈ ওলাল বানপানী চাবলৈ ৷
চাৰিওফালে পানী ,পানী আৰু পানী !বৰুৱানীয়ে ফটো ক্লিকাই থাকিল । এপাকত বৰুৱানী ধুপুচ কৈ পৰিল বাঢ়নী পানীত । মোবাইল বাদেই ,মানুহেই ঠাউনি নোপোৱা হ’ল ৷পাৰৰ পৰা ডেকা ল’ৰাবোৰে কিবাকে উদ্ধাৰ কৰি তুলিলে বৰুৱানীক ।
বৰুৱাই ৰাতি বৰুৱানীক বুজাইছে ,বানপানী চাবলে বৰ মন আছিল নহয়, দেখিলা ভগবানেই তোমাক দেখুৱালে ওচৰৰ পৰা ৷ধৰি লোৱা ,তুমি যে বানপানীত পৰি গ’লা সেয়া বানাক্ৰান্ত । তোমাক যে তুলি আনিলে ল’ৰাবোৰে সেয়া বানাক্ৰান্তৰ উদ্ধাৰ অভিযান । তোমাৰ মোবাইলটো যে (যিটো হেৰুৱাওতে বৰুৱা ১০০ % সুখী হৈছে) হেৰুৱালা সেয়া বান ক্ষতিগ্ৰস্থ হোৱাৰ অভিজ্ঞতা বুজিলা ।অৱশ্যে বৰুৱাৰ কথাত বৰুৱানীয়ে মুখেৰে একো নামাতিলে৷
ৰাতিলৈ বৰুৱাৰ পকেটৰ পৰা ১৫ হাজাৰ টকা নোহোৱা হ’ল ৷ বৰুৱাই বিছাৰি হাহাকাৰ লগালে । বৰুৱানীয়ে বিছনাৰ পৰাই লাহেকৈ ক’লে ,ধৰি লোৱা মোৰ মোবাইলটো হেৰুওৱাৰ বিনিময়ত সেয়া তোমাৰ বানসাহায্য।
বৰুৱাঃ- ১৫ হাজাৰৰ বান সাহায্য ! মোবাইলটো ১০ হাজাৰৰ হে আছিল ।
বৰুৱানীঃ- মই ১০ হাজাৰেই পালো পকেটত।
বৰুৱাঃ- বাকী ৫ হাজাৰ কি হ’ল ?
এইবাৰ ইমানপৰে ভিতৰৰ পৰা মাক-দেউতাকৰ কথাবোৰ শুনি থকা বৰুৱাৰ পুতেকে লাহেকৈ মাত লগালে , ‘ ধৰি লোৱা ৫০০০ টকাটো ঠিকাদাৰে খালে’!!!
সংগ্ৰহ:- সামাজিক মাধ্যম