ভাৰতত প্ৰায় গোটেই বছৰটোৱেই বিয়াৰ বতৰ চলি থাকে যাৰ বাবে শেহতীয়া ট্ৰেণ্ডৰ ক্ষেত্ৰত শীৰ্ষত থকাটো অতি কঠিন হৈ পৰে। ভাৰতীয় সকলে সদায় বিয়াৰ বাবে আকৰ্ষণীয় সাজ-পোছাকৰ সন্ধানত থাকোঁ। বিয়াৰ নিমন্ত্ৰণ পোৱাৰ সময়ৰ পৰা বিবাহ উদযাপনৰ আগৰ দিনবোৰলৈকে কোনে কি পিন্ধিব সেয়া যেন এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। ঠিক তেনেদৰে বিয়াত উপস্থিত থকাটোও ফেশ্বনেবল হ’ব লাগিব বিশেষকৈ যদি দৰা বা কইনাক ভালদৰে চিনি পোৱা হয়।এই বিয়াবোৰত নিজকে আটাইতকৈ ভাল দেখাটো যেন এক প্ৰত্যাহ্বান।
ভাৰত এনে এখন ৰাষ্ট্ৰ য’ত বলীউডে সমাজত এক উল্লেখযোগ্য প্ৰভাৱ পেলাইছে, ইয়াত চিনেমা, চেলিব্ৰিটি আৰু তেওঁলোকে দেখুওৱা সাজ-পোছাকৰ প্ৰকাৰে বেছিভাগ কইনাৰ প্ৰেৰণাৰ এক উল্লেখযোগ্য উৎস হিচাপেও আত্মপ্ৰকাশ কৰিছে। বলীউডৰ অন্যতম অভিযোজিত অভিনেত্ৰী হৈছে কৰীণা কাপুৰ খান। কাৰোবাৰ বিয়াৰ অতিথি হিচাপে কৰীনা কাপুৰ খানক কমেইহে দেখা পোৱা যায়।
শেহতীয়াকৈ
পেষ্টেল কালাৰৰ এযোৰ লেহেংগা পৰিধান কৰা কৰীণা কাপুৰক দেখা গ’ল এখন বিয়াত। আকৰ্ষণীয় ডিঙিৰ গহনা, কাণফুলি, মাংগ টিকা, খাৰু আদি ভাৰতীয় জনগোষ্ঠীয় গহনা পিন্ধিছিল অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ গহনা সংগ্ৰহৰ পৰা ইয়াক সহজেই অনুমান কৰিব পাৰি যে যিকোনো ভাৰত-আধুনিক সাজ-পোছাকক উন্নত কৰাৰ বাবে পৰম্পৰাগত ভাৰতীয় গহনাই হৈছে আদৰ্শ বিকল্প।
অতি আকৰ্ষণীয় প্ৰসাধন , অলংকাৰ আৰু লেহেংগাযোৰেও অভিনেত্ৰী গৰাকীক তুলি ধৰিছিল। এগৰাকী ভাৰতীয় নাৰী কিমান ধুনীয়া তাকেই যেন প্ৰতিপন্ন কৰিছিল অভিনেত্ৰী গৰাকীৰ এই আকৰ্ষণীয় ৰূপে ।
কৰ্মক্ষেত্ৰত কৰীনা কাপুৰ খানক শেষবাৰৰ বাবে দেখা গৈছিল লাল সিং চদ্দা নামৰ ছবিখত আমিৰ খানৰ সৈতে। শেহতীয়াকৈ লণ্ডনৰ পৰা উভতি অহা অভিনেত্ৰীগৰাকীয়ে হান্সাল মেহতাৰ শিৰোনামহীন পৰৱৰ্তী ছবিৰ শ্বুটিং কৰি আছিল। আনহাতে তেওঁৰ আগন্তুক প্ৰজেক্টসমূহৰ ভিতৰত আছে ‘দ্য ক্ৰু’ য’ত তেওঁক টাবু আৰু কৃতি চাননৰ সৈতে আৰু বিজয় ভাৰ্মা আৰু জয়দীপ আলহাৱটৰ সৈতে’ দ্য ডিভ’চন অৱ ছাস্পেক্ট এক্স’ত সৈতে দেখা পাব তেওঁৰ অনুৰাগী সকলে।