অসমৰ সাংস্কৃতিক জগতলৈ আন এটা সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহাবীৰ লাচিত বৰফুকনৰ জীৱনভিত্তিক চুটি ছবি ‘লাচিত : দ্য ৱাৰিয়াৰ’-এ । চেন্নাইত অনুষ্ঠিত কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন চুটি ছবিৰ সন্মান লাভ কৰিছে ‘লাচিত : দ্য ৱাৰিয়াৰ”-এ ।
‘লাচিত : দ্য ৱাৰিয়াৰ” ৰচনা আৰু পৰিচালনা কৰিছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া পাৰ্থসাৰথি মহন্তই ৷ চুটি ছবিখনৰ প্ৰযোজক মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱা। ছবিখনৰ ধাৰাভাষ্য প্ৰদান কৰিছে ড° অমৰজ্যোতি চৌধুৰীয়ে ৷ সংগীত পৰিচালনা কৰিছে ৰূপম তালুকদাৰে ৷মুম্বাই, দিল্লী, কলকাতা, জয়পুৰ, উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱকে ধৰি এতিয়ালৈকে ৮ খনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘লাচিত : দ্য ৱাৰিয়াৰ’ প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃত হৈছে।