বহু অপেক্ষাৰ অন্তত মুক্তি পাবলৈ ওলাইছে ‘আদিপুৰুষ’। এই ছবিখনৰ ‘ৰাম সিয়া ৰাম’ গীতটো ২৯ মে’ত মুক্তি লাভ কৰিছিল। এই গীতটিয়ে ছচিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰিছে । ছবিখনৰ প্ৰথম আভাস মুক্তি পোৱাৰ পিছৰে পৰা হাজাৰটা বিতৰ্ক আৰু সমালোচনাৰ সৃষ্টি হৈছে। প্ৰভাস আৰু কৃতি শ্বেননৰ ‘আদিপুৰুষ’ ছবিগৃহত মুক্তি পাব চলিত বৰ্ষৰ ১৬ জুনত। ৭০০ কোটি টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। মুক্তিৰ পূৰ্বে এই ছবিখনে প্ৰায় ১৫০ কোটি টকা উপাৰ্জন কৰিছে। কিন্তু মুক্তিৰ পূৰ্বে এই ছবিখনে কেনেকৈ এই বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিলে?
সূত্ৰ অনুসৰি প্ৰডাকচন কোম্পানীটোৱে আদিপুৰুষৰ তেলেগু সংস্কৰণৰ অধিকাৰ বিক্ৰী কৰি ১৬০-১৭০ কোটি টকা উপাৰ্জন কৰিছে। দক্ষিণ ভাৰতৰ এটা জনপ্ৰিয় প্ৰডাকচন কোম্পানীয়ে এই অধিকাৰ ক্ৰয় কৰিছে। যদিও এই সন্দৰ্ভত প্ৰডাকচন কোম্পানীয়ে একো নিশ্চিত কৰা নাই।
‘ৰামায়ণ’ৰ আধাৰত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখনত ৰামচন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰভাসে। সীতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব কৃতিক। ট্ৰেইলাৰত মহাকাব্যিক যুদ্ধৰ আভাসৰ পৰা আৰম্ভ কৰি প্ৰভাসৰ গম্ভীৰ সংলাপ বা হনুমানৰ লংকা কাণ্ডলৈকে সকলোৱে দৰ্শকৰ হৃদয় জয় কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ‘আদিপুৰুষ’ত অভিনয় কৰাৰ বাবে দক্ষিণৰ অভিনেতা প্ৰভাসে কৃতিতকৈ ৫০ গুণ বেছি পাৰিশ্ৰমিক লাভ কৰিছিল। সীতাৰ চৰিত্ৰত অভিনয় কৰি ৩ কোটি টকা উপাৰ্জন কৰিছিল কৃতিয়ে।