বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাদ্দাৰ সম্পর্কক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে ৷বৰঞ্চ অভিনেত্ৰীগৰাকীৰ জীৱনৰ পৰৱৰ্তী অধ্যায়ৰ আৰম্ভণিৰ বিষয়ে জল্পনা-কল্পনা আৰম্ভ হৈছে । বলিউডৰ পৰা ৰাজনীতিলৈকে সকলোতে ইয়াক লৈ চর্চা চলিছে ৷ ৰাজহুৱাভাৱে স্বীকাৰ নকৰিলেও পৰিনীতি আৰু ৰাঘৱক সঘনাই একেলগে দেখা গৈছে ৷ অৱশ্যে দুয়োটা পৰিয়ালৰ মাজত সম্পৰ্কটো স্থায়ী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। জানিব পৰা মতে , অহা সপ্তাহত দুয়োগৰাকী তাৰকাৰ বাগদান সম্পন্ন হ’ব ৷ পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাদ্দাক কেইসপ্তাহমানৰ আগতে প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল।
দম্পতীহালে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত ডেটিঙলৈ গৈছিল। ইয়াৰ পিছত ৰাঘৱ আৰু পৰিনীতি কেইবাবাৰো কেমেৰাত ধৰা পৰিছে। কিছুদিন আগতে পৰিনীতি ৰাজধানী দিল্লীলৈ যোৱাৰ সময়ত ৰাঘৱে তেওঁক এয়াৰপৰ্টত নিবলৈ আহিছিল। দেওবাৰে পুনৰ পৰিনীতিৰ সৈতে মুম্বাইলৈ উভতি আহে আপ নেতা। ব্যস্ত দম্পতীহালে লাজ লগা হাঁহি এটা মাৰি ফটোগ্ৰাফাৰৰ সন্মুখত খোজ কাঢ়ি গৈ একেখন গাড়ীতে উঠি প্ৰস্থান কৰে। পৰিনীতি নিজেই বাগদান অনুষ্ঠানৰ প্ৰস্তুতি চোৱাচিতা কৰিবলৈ দিল্লীলৈ গৈছিল।
প্ৰসংগক্ৰমে পৰিনীতিৰ ভগ্নী প্ৰিয়ংকা চোপ্ৰা জোনাছ বৰ্তমান ভাৰতত আছে। ভগ্নীৰ এংগেজমেণ্টৰ পিছত স্বামী নিক জ’নাছৰ সৈতে কন্যাৰ সৈতে লছ এঞ্জেলছলৈ উভতি আহিব প্ৰিয়ংকা । প্ৰিয়ংকাৰ উপস্থিতিত পৰিনীতিয়ে ৰাঘৱৰ সৈতে আঙঠি বিনিময় কৰিব বিচাৰিছে । সেয়েহে এই অনুষ্ঠানৰ প্ৰস্তুতি খৰখেদাকৈ কৰিছে পৰিয়াল দুটাই।
পৰিনীতি আৰু ৰাঘৱে দুয়োজনে নিজৰ সম্পৰ্কৰ কোনো গোপন কথা নাৰাখিলেও উদযাপন ব্যক্তিগত পৰ্যায়ত ৰাখিব বিচাৰে। এংগেজমেণ্ট অনুষ্ঠানত উপস্থিত থাকিব মাত্ৰ দুই পৰিয়ালৰ সদস্য। পৰিনীতিয়ে নিজৰ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে জীৱনৰ পৰৱৰ্তী অধ্যায়টো আৰম্ভ কৰিব বিচাৰে। দিল্লীত এই অনুষ্ঠানৰ প্ৰস্তুতি অব্যাহত আছে।