কিছুদিন পূৰ্বে স্কটলেণ্ডত ‘বড়ে মিয়ান ছোটে মিয়ান’ ছবিৰ শ্বুটিং কৰি থকা অৱস্থাত অক্ষয় কুমাৰে আঁঠুত আঘাত পাইছিল। ফলত তেওঁৰ সোঁ ভৰিত ছাল যায় । সূত্ৰ অনুসৰি টাইগাৰ শ্ৰফৰ সৈতে একচন দৃশ্যৰ শ্বুটিং কৰাৰ সময়ত তেওঁ আঘাত পায় ৷ ফলত অভিনেতাজনৰ ক্ল’জ আপৰ বাহিৰে ছবিখনৰ সকলো একচন দৃশ্যৰ শ্বুটিং বন্ধ হৈ পৰিছে।
কিন্তু অক্ষয় স্থিৰ হৈ বহি থকা মানুহ নহয়। শেহতীয়াকৈ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছে। সেই ভিডিঅ’টোত অক্ষয়ক ষ্টাণ্টৰ বাবে শ্বট দিয়াৰ পিছত বাইকৰ পৰা নামি অহা দেখা গৈছে। টাইগাৰে অভিনেতাজনক সহায় কৰি আছে। সোঁ ভৰিত আঘাতৰ চিন স্পষ্ট ৷ এই ভিডিঅ’টোৰ পাছত অনুৰাগীয়ে অভিনেতাজনক প্ৰশংসা কৰিছে । একাংশৰ মতে অক্ষয় হৈছে বলীউডৰ প্ৰকৃত খিলাড়ী।
চিনেমাখনৰ একচন দৃশ্যত নিজৰ ষ্টাণ্ট নিজে কৰি ভাল পায় অক্ষয়ে।আলী আব্বাছ জাফৰৰ পৰিচালিত বড়ে মিয়ান ছোটে মিয়াত টাইগাৰ আৰু অক্ষয়ৰ উপৰিও সোণাক্ষী সিনহা আৰু পৃথ্বীৰাজ সুকুমাৰনে অভিনয় কৰিছে। প্ৰথম পৰ্যায়ৰ শ্বুটিং হৈছিল মুম্বাইত। ইয়াৰ পিছত তেওঁ দলটোৰ সৈতে স্কটলেণ্ডলৈ উৰা মাৰে। এই ছবিখনৰ পিছত অক্ষয়ে ‘স্কাইফৰ্চ’ ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব। ইংলেণ্ডে মে’ মাহত শ্বুটিং আৰম্ভ কৰাৰ কথা।