বলিউডৰ আৱেদনময়ী অভিনেত্ৰী মালাইকা আৰোৰা আৰু সুদর্শন লাভিনেতা অর্জুন কাপুৰৰ মাজৰ সম্পর্ক সর্বজনবিদিত ৷ দুয়োৰে মাজতে প্ৰেমৰ সম্পর্ক গঢ়ি উঠাৰ পাছতে বিভিন্ন স্থান ভ্ৰমণ কৰাৰ ফটো তেওঁলোকে সঘনাই শ্বেয়াৰ কৰি আহিছে সামাজিক মাধ্যমত ৷ অনুৰাগীসকলৰ মাজতো তেওঁলোক যথেষ্ট প্ৰিয় ৷ কিন্তু ইয়াৰ মাজতে অনুৰাগী সকলৰ বাবে আহিছে এক দুঃখবৰ ৷ শেহতীয়াকৈ দুয়ো গৰাকী তাৰকাৰ মাজৰ সম্পর্কত ফাট মেলিছে ৷ বলীউড লাইফ নামৰ সংবাদ প্ৰতিষ্ঠানে শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি অৰ্জুন আৰু মালাইকাই তেওঁলোকৰ সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছে।
প্ৰতিবেদন খনত প্ৰকাশ পোৱা অনুসৰি দুয়ো গৰাকীৰ মাজত সম্পর্ক ছেদ হোৱাৰ পাছতে শোকত ভাগি পৰিছে মালাইকা অৰোৰা ৷ আনকি বিগত এসপ্তাহ ধৰি ঘৰৰ পৰা বাহিৰলৈ ওলাই অহা নাই মালাইকা ৷ এই সময়ছোৱাত মালাইকাক এবাৰো দেখা কৰিবলৈ অহা নাই অর্জুন ৷ তিনিদিন আগতে ভগ্নী ৰিয়া কাপুৰৰ ঘৰত ৰাতিৰ আহাৰ গ্ৰহন কৰিব আহিছিল অর্জুন ৷ ৰিয়াৰ ঘৰ মালাইকাৰ ঘৰৰ অত্যন্ত ওচৰত হোৱা সত্বেও অর্জুনে মালাইকাক সাক্ষাৎ কৰা নাছিল ৷ সাধাৰণতে অৰ্জুনৰ সৈতে পাৰিবাৰিক নৈশভোজত মালাইকাকো সঘনাই উপস্থিত থকা পূর্বে দেখা গৈছিল ৷ যোৱা বছৰ ১ জানুৱাৰীত মালাইকা অৰোৰাই অৰ্জুন কাপুৰৰ সৈতে তেওঁৰ সম্পৰ্ক ইনষ্টাগ্ৰামত ৰাজহুৱা কৰিছিল ৷