মহিলাৰ বিৰুদ্ধে মহিলাই কৰা নির্যাতনৰ অপৰাধ অধিক গুৰুতৰ ৷ এই মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ ৷ মঙলবাৰে যৌতুকৰ এটা গোচৰত শাহুৱেকক এখন আদালতে দোষী সাব্যস্ত কৰি প্ৰদান কৰা ৰায় বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে এইদৰে কয় ৷ ন্যায়াধীশ এম আৰ শ্বাহ আৰু বি ভি নাগাৰত্নৰ বিচাৰপীঠে কয় যে যদিহে এগৰাকী মহিলাই আন এগৰাকী মহিলাক অর্থাৎবোৱাৰীক সুৰক্ষিত নকৰে তেনেহলে তেঁও অধিক অসুৰক্ষিত হৈ পৰে ।
বিচাৰপীঠখনে কয় “যেতিয়া এগৰাকী মহিলা অর্থাৎ শাহুৱেকে আন এগৰাকী মহিলা, অৰ্থাৎ বোৱাৰীক নিষ্ঠুৰ ভাৱে অত্যাচাৰ কৰাৰ দৰে অপৰাধ সংঘটিত কৰে, তেনে অপৰাধ অধিক গুৰুতৰ ৷যদি এগৰাকী শাহুৱেকে আন এগৰাকী মহিলা অৰ্থাৎ বোৱাৰীক সুৰক্ষা নিদিয়ে, তেন্তে বোৱাৰীগৰাকী অসুৰক্ষিত হৈ পৰে ৷” উল্লেখ্য যে ভুক্তভোগী মহিলা গৰাকীৰ মাতৃয়ে এক অভিযোগ দাখিল কৰিছিল যে তেওঁৰ কন্যাক জোঁৱায়েক আৰু পৰিয়ালে অমানৱীয় অত্যাচাৰ চলাইছিল ৷ অলংকাৰ বিচাৰি বোৱাৰীগৰাকীক শহুৰৰ পৰিয়ালে অকথ্য নির্যাতন চলাইছিল ৷ যাৰ বাবে বোৱাৰীগৰাকীয়ে গাত জুই লগাই আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ৷ ২০০৬ চনত সংঘটিত এই ঘটনা সন্দর্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত নিম্ন আদালতে মৃত বোৱাৰীগৰাকীৰ শাহুৱেকক ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(এ ) আৰু ৩০৬ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে ৷ পৰৱর্তী সময়ত দোষী সাব্যস্ত হোৱা মহিলা গৰাকীয়ে নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহবান জনায় চেন্নাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ উচ্চ ন্যায়ালয়ে ৩০৬ ধাৰা প্ৰত্যাহাৰ কৰে যদিও ৪৯৮(এ) ধাৰা অধীনত দোষী সাব্যস্ত কৰি দিয়া ৰায় বাহাল ৰাখে ৷ যাৰ বাবে মহিলগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনায় উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ৷ কিন্তু উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখে ৷ অর্থাৎ মহিলাগৰাকীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮(এ) ৰ অধীনত লাভ কৰিব শাস্তি ৷