দেশৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ অন্যতম হৈছে মুকেশ আম্বানি । মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ মালিকো এই পৰিয়াল । বিশেষকৈ মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিক লৈ চর্চা চলি আহিছে ৷ তেওঁৰ খাদ্য, সাজ পোচাককে ধৰি জীৱনশৈলীৰ বিষয়ে জানিবলৈ আগ্ৰহী। ইতিমধ্যে নীতা ককা-আইতা হৈ পৰিছে। অৱশ্যে তেওঁৰ সাজ-পোছাক চাই এতিয়াও ধৰিব নোৱাৰি তেওঁৰ প্ৰকৃত বয়স কিমান । শাৰী বা লেহেংগাৰে নীতা আম্বানি আকৰ্ষণীয় হৈ পৰে । নীতাৰ এই পোছাকৰ ৰূপৰ আঁৰত কোন আছে জানেনে?
নীতা আম্বানীৰ মেকআপ আৰ্টিষ্ট হৈছে মিকি কন্ট্ৰেক্টৰ। কেৱল নীতাই নহয়, নীতাৰ বোৱাৰী শ্লোকা আম্বানী আৰু কন্যা ঈশা আম্বানীকো মিকিয়ে মেক আপ কৰে ৷ বলিউডত মিকি এক চিনাকি মুখ। ‘হম উপকে হে কৌন’, ‘দিল তো পাগল হায়’, ‘কুচ কুচ হোতা হায়’, ‘কভি খুছি কভি গম’, ‘কাল হো না হো’, ‘মাই নেম ইজ খান’, ‘কার্তিক কলিং কাৰ্তিক’, ‘বীৰে” আদিৰ দৰে ছবিত কাম কৰিছে মিকিয়ে ৷ কৰীনা কাপুৰ খান, দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন আৰু অনুষ্কা শৰ্মাৰ সৈতেও কাম কৰি আহিছে তেওঁ । মিকিয়ে কম বয়সতে অভিনেত্ৰী হেলেনৰ বাবে হেয়াৰ ষ্টাইলিষ্ট হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
এজন ব্যক্তিৰ মেকআপ কৰি তেওঁ ৭৫ হাজাৰৰ পৰা ১ লাখ টকালৈ উপাৰ্জন কৰে । যিকোনো ডাঙৰ বহুজাতিক কোম্পানীৰ চিইঅ’তকৈ মিকিৰ মাহিলী আয় বহু বেছি।