আৰআৰআৰ আৰু চেলো শ্ব’ অস্কাৰৰ গৌৰৱ লাভৰ দিশে আৰু এখোজ ওচৰ চাপিছে। ২০২৩ চনৰ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত একাডেমী বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক ছবি গুজৰাটী ভাষাৰ চেলো শ্ব’ (The Last Show) অহা বছৰৰ একাডেমী বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছে। ইফালে, আৰআৰআৰৰ এছ এছ ৰাজামৌলিৰ নাটু নাটু শীর্ষক গীতটি শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত চৰ্টলিষ্ট কৰা হৈছে। তথ্যচিত্ৰ শিতানত ভাৰতৰ দুখন ছবিও – অল ডেট ব্ৰিথছ আৰু দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ চর্টলিষ্ট কৰা হৈছে । বুধবাৰে নিশা একাডেমীয়ে ১০টা শাখাত চৰ্টলিষ্ট ঘোষণা কৰে। ২৪ জানুৱাৰীত ঘোষণা কৰা হ’ব একাডেমী বঁটাৰ বাবে মনোনয়ন।
চেলো শ্ব’ই আৰ্জেণ্টিনা, ১৯৮৫, ডিচিজন টু লিভ, অল কুইট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্ট, ক্ল’জ আৰু দ্য ব্লু কাফটানকে ধৰি আন ১৪খন ছবিৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
ইফালে বিশ্বজুৰি হিন্দী, তামিল, তেলেগু আৰু মালয়ালম ভাষাত মুক্তি পোৱা আৰ আৰ আৰ বিভিন্ন অস্কাৰ শিতানত বিবেচনাৰ বাবে নিজাববীয়াকৈ দাখিল কৰা হৈছিল। শ্ৰেষ্ঠ অনাইংৰাজী ছবি আৰু শ্ৰেষ্ঠ মৌলিক গীত নাতু নাটুৰ বাবে বাচনি লাভ কৰিছে আৰআৰআৰ-এ ।
অহা ১২ মাৰ্চত লছ এঞ্জেলছৰ ডলী থিয়েটাৰত অনুষ্ঠিত হ’ব ৯৫ সংখ্যক একাডেমী বঁটা। বিগত কেইবছৰমানৰ পৰা ভাৰতৰ ছবিয়ে অস্কাৰত প্ৰৱেশ কৰিছে ৷ কুঝাংগল, জল্লিকাট্টু, গলি বয়, ভিলেজ ৰকষ্টাৰছ, নিউটন, বিছাৰনানী, এই সকলোবোৰ ছবিয়েই অস্কাৰৰ চৰ্টলিষ্টত স্থান লাভ কৰাত ব্যৰ্থ হয়। এতিয়ালৈকে অস্কাৰৰ বাবে মনোনীত হোৱা একমাত্ৰ ভাৰতীয় ছবিসমূহ হ’ল মাদাৰ ইণ্ডিয়া, চালাম বম্বে আৰু লগান।