‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ বিজয়ৰ আমেজ উপভোগ কৰিছে তেলেগু তাৰকা ৰাম চৰণে। এন টি আৰ জুনিয়ৰৰ লগতে তেওঁ এই ছবিখনৰ অন্যতম আকৰ্ষণ। দক্ষিণৰ ছবিৰ পৰা বলীউডলৈকে ৰাম চৰণে সকলোতে নিজকে প্ৰমাণ কৰি দেখুৱাইছে। কিন্তু এইবাৰ তেওঁৰ লক্ষ্য হলিউড নেকি ?
এছ এছ ৰাজামৌলিৰ পৰিচালিত আৰ আৰ আৰ ২০২২ চনৰ মাৰ্চ মাহত মুক্তি পাইছিল। বক্স অফিচত ইটোৰ পিছত সিটো নজিৰ লাভ কৰি বিদেশত ব্যৱসায়িকভাৱে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ছবিখন। ই পৃথিৱীৰ মানুহৰ হৃদয় দখল কৰিছে। এই ছবিখনৰ অস্কাৰ বিজয়ী গীত ‘নতু নাতু’ই প্ৰমাণ কৰিছে যে ভাষা কোনো বাধা নহয়। এই সফলতা উপভোগ কৰি আছে ৰাম চৰণ। আন্তঃৰাষ্ট্ৰীয় ছবিত ভৰি দিয়াৰ কথা ভাবিছে নেকি বুলি সোধাত অভিনেতাগৰাকীৰ কয়, “ইমান সোনকালে একো কোৱাটো ঠিক নহ’ব। “ইতিমধ্যে ৰামে ছবিখনৰ চুক্তিত স্বাক্ষৰ কৰিছে। যদিও ক’বলৈ অনিচ্ছুক। কিয়?
সম্প্ৰতি ‘আৰ চি ১৫’ ছবিখনৰ অন্তিম পৰ্যায়ৰ শ্বুটিঙত ব্যস্ত ৰাম। ২০২৪ চনৰ জানুৱাৰী মাহত ছবিখন ছবিগৃহত মুক্তি পাব। ৰামৰ বিপৰীতে অভিনয় কৰিছে কিয়াৰা আদৱানী। কিন্তু ৰামক শীঘ্ৰে বলীউডতো দেখা যাব। যদি সকলো ঠিকে থাকে তেন্তে ছলমান খানৰ ‘কিছি কা ভাই কিছি কি জান’ত পুনৰ বলীউডলৈ ঘূৰি আহিব ৰাম।