বলিউডৰ দুই জনপ্ৰিয় অভিনেতা – অভিনেত্ৰী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহক লৈ আৰম্ভ হোৱা ব্যাপক চর্চা মাৰ নৌযাওতেই আন এক ভাল খবৰ প্ৰকাশ কৰিছে দম্পত্তীহালে ৷ অতি শীঘ্ৰে মাতৃ হ’ব আলিয়া ৷ সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৰণবীৰ আৰু আলিয়াই ৷ হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰি থকা মুহুর্তৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে এই কথা ৰাজহুৱা কৰিছে ৷
সোমবাৰে পুৱা আলিয়া ভাটে হাস্পতালৰ বিচনাত আল্ট্ৰাছাউণ্ড কৰি থকা এখন ছবি পোষ্ট কৰি অনুৰাগী আৰু চেলিব্ৰিটিসকলক আচৰিত কৰি লিখিছে -“আমাৰ সন্তান সোনকালে আহি আছে” ।
ছবিখন শ্বেয়াৰ কৰাৰ পাছতে অনুৰাগী আৰু চেলিব্ৰিটিসকলে দম্পতীহালক অভিনন্দন জনায়। মাত্ৰ দুমাহ পূৰ্বে ৰণবীৰ আৰু আলিয়া বিবাহপাশত আবদ্ধ হৈছিল ৷ বলিউডৰ অন্যতম চর্চিত বিবাহ আছিল ৰণবীৰ আৰু আলিয়াৰ ৷ দুয়োগৰাকীয়ে একেলগে অভিনয় কৰা ব্ৰহ্মাস্ত্ৰ নামৰ ছবিখন অহা ৯ ছেপ্টেম্বৰত মুক্তি পাব।