আৰু দুবছৰৰ পাছত জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ বয়স হ’ব ৭০ বছৰ। আশীৰ দশকত তেওঁৰ কেৰিয়াৰৰ সৰ্বোত্তম সময়ছোৱা দেখা গৈছিল। ইয়াৰ পিছত ছবিৰ সংখ্যা কমি আহিল যদিও দৰ্শক এতিয়াও তেওঁৰ সৌন্দৰ্য্যত মুগ্ধ হৈ আছে। তেওঁ হৈছে ‘চিৰসেউজ’ ৰেখা। তেওঁৰ ব্যক্তিগত জীৱনক লৈ আছে বহু বিতৰ্ক । বিশেষকৈ অভিনেতা অমিতাভ বচ্চনৰ সৈতে তেওঁৰ সম্পৰ্কক তীব্ৰ সমালোচনা কৰা হৈছিল। সেই সময়ত বহুতে ভাবিছিল যে অভিনেত্ৰীগৰাকীৰ সৈতে অমিতাভৰ গভীৰ সম্পৰ্ক আছে। যদিও এই সন্দৰ্ভত অমিতাভ বচ্চনে কোনো সঁহাৰি প্ৰকাশ নকৰে যদিও ৰেখাই পৰৱৰ্তী সময়ত বিভিন্ন সাক্ষাৎকাৰত স্বীকাৰ কৰে যে অমিতাভৰ প্ৰতি তেওঁৰ দুৰ্বলতা আছে। শেহতীয়াকৈ আন এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে অভিনেত্ৰীগৰাকী। সাহিত্যিক ইয়াছেৰ উছমানে লিখা ‘ৰেখা দ্য আনট’ল্ড ষ্টৰী’’ গ্ৰন্থখনত নায়িকাগৰাকীৰ জীৱনৰ কিছু গোপন তথ্য প্ৰকাশ পাইছে ৷
লেখকে দাবী কৰিছে যে ৰেখাৰ ব্যক্তিগত সহায়িকা ফাৰ্জানাৰ সৈতে বহু বছৰ ধৰি সম্পৰ্ক আছে। ফাৰ্জানা বহু বছৰ ধৰি অভিনেত্ৰীগৰাকীৰ সৈতে আছে। প্ৰতি মুহূৰ্ততে তেওঁক ৰেখাৰ কাষত থিয় হৈ থকা দেখা যায়। এটা কথাত ক’ব পাৰি যে ফাৰ্জানা ৰেখাৰ ছাঁৰ দৰে। অভিনেত্ৰীগৰাকীয়ে বাৰে বাৰে সহায়িকা গৰাকীক ভগ্নী বুলি উল্লেখ কৰি আহিছে। কিন্তু এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত বহু লোক আচৰিত হৈ পৰিল। কিতাপখনত লিখা আছে, ৰেখাৰ শোৱা কোঠাত ফাৰ্জানাৰ বাহিৰে কাকো সোমাব দিয়া হোৱা নাই। ফাৰ্জানাৰ অনুমতি অবিহনে ৰেখাৰ ওচৰলৈ কোনেও প্ৰৱেশ কৰিব নোৱাৰে। অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰা পেছাদাৰী জীৱনৰ প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰে ফাৰ্জানাই। ৰেখাৰ জীৱনীত তেওঁ লিখিছে যে ৰেখাৰ লগত ব্যক্তিগত সহায়কৰ সম্পৰ্ক দশক দশক ধৰি আছে। ৰেখা শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে ফাৰ্জানাৰ ওপৰত নিৰ্ভৰশীল।
লেখিকা মালবিকা চাংহাইয়ে তেওঁৰ গ্ৰন্থত লিখিছে, ফাৰ্জানাৰ অবিহনে ৰেখাৰ জীৱন অস্থিৰ। অভিনেত্ৰীগৰাকীৰ স্বামী মুকেশ আগৰৱালাই নায়িকাৰ এই সম্পৰ্কৰ বাবেই আত্মহত্যা কৰে। এই সকলোবোৰ তথ্য পোহৰলৈ অহাৰ পিছত সকলো আচৰিত হৈ পৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে ৰেখাৰ পৰা কোনো মন্তব্য অহা নাই।